ঐতিহাসিক ৰংঘৰ আৰু তাই যাদুঘৰ পৰিদৰ্শন কৰি সৌন্দৰ্যবৰ্দ্ধণ আৰু সৱলীকৰণ প্ৰকল্পৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে
নিয়মীয়া বাৰ্তা, ২ মে: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া শিৱসাগৰ আৰু চৰাইদেউ ভ্ৰমণৰ দ্বিতীয় দিনটোত আজি ঐতিহাসিক ৰংঘৰ পৰিদৰ্শন কৰে৷ পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক স্থলীখনৰ সৌন্দৰ্যবদ্ধৰ্নৰ এক প্ৰকল্পৰো বুজ লয়৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে আহোম যুগৰ ৬০০ বছৰীয়া ৰাজত্বৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক শিৱসগাৰ জিলা বিভিন্ন কীৰ্তিস্তম্ভৰে পূৰ্ণ আৰু এই সমূহৰ ভিতৰত ৰংঘৰ অন্যতম৷ এই ৰংঘৰ পৰ্যটকৰ আকৰ্ষণৰ অধিক সা-সুবিধাৰে সমৃদ্ধ কৰি তোলাৰ উপৰি ইয়াৰ চৌপাশ অধিক আকৰ্ষণীয় কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এক প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা কৰিছে৷ স্থাপত্য কলা আৰু ঐতিহাসিক দিশত ৰংঘৰৰ যি গুৰুত্ব আছে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই ঐতিহাসিক স্থলীৰ কাষতে লাগি থকা ৭৮ বিঘা ভূমি অধিগ্ৰহণ কৰি এই প্ৰস্তাৱিত প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা কৰিছে৷ চলিত বৰ্ষৰ ভিতৰতে এই প্ৰকল্প ৰূপায়ণৰ কাম আৰম্ভ কৰিবলৈ লক্ষ্য স্থিৰ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আখৰা তথা প্ৰদৰ্শনৰ সুবিধা হোৱাকৈ কেইবাখনো মুকলি মঞ্চ, অতিথিশালা, বিনোদনৰ সুবিধা আদিৰে এই প্ৰকল্পস্থলী গঢ়ি তোলা হ’ব৷
ৰংঘৰ পৰিদৰ্শনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই শিৱসাগৰৰ আন এক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থলী তাই যাদুঘৰত উপস্থিত হৈ ইয়াৰ সংবদ্ধৰ্নৰ বাবে ৰূপায়ণ কৰিবলগীয়া এক প্ৰকল্প সংক্ৰান্তত সংশ্লিষ্ট বিষয়ববীয়াসকলৰ সৈতে পৰ্যালোচনা কৰে৷ ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত তাই যাদুঘৰত সংৰক্ষিত কৰি ৰখা আহোম যুগৰ মূল্যৱান সম্পদসমূহ প্ৰদৰ্শনৰ ক্ষেত্ৰত অধিক সুবিধা হোৱাকৈ এই যাদুঘৰটোৰ আন্তঃগাঁথনিৰ সৱলীকৰণৰ দিশত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে৷ প্ৰস্তাৱিত প্ৰকল্পটোৰ সকলো দিশ চালি-জাৰি চাই বিতং প্ৰকল্প প্ৰতিবেদন শীঘ্ৰে প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে যাতে চলিত বৰ্ষৰ ভিতৰতে তাই যাদুঘৰৰ এই প্ৰকল্প ৰূপায়ণ কৰিব পৰা যায়৷
ৰংঘৰ আৰু তাই যাদুঘৰ পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰাজহ মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়কসকল ক্ৰমে অখিল গগৈ, সুশান্ত বৰগোঁহাই আৰু তৰংগ গগৈ, শিৱসাগৰৰ উপায়ুক্ত মেঘ নিধি দাহাল, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব ৰাজ চক্ৰৱৰ্তী আদি উপস্থিত থাকে৷