নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰি জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ দ্বিবাৰ্ষিক সমাৰোহৰ সামৰণি

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ: “জাতীয় কলা-কৃষ্টি-সংস্কৃতি ৰক্ষা কৰিব পৰাকৈ এক প্ৰণালীবদ্ধ নীতিৰ আধাৰত মাতৃ ভাষা মাধ্যমত ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা দান কৰি সমাজখনক আগুৱাই নিয়াই জাতীয় বিদ্যালয়ৰ মূল লক্ষ্য” — এই মন্তব্য অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সমন্বয়ক অসীম কৃষ্ণ বৰুৱাৰ । ২২ ডিচেম্বৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে ঝাৰগাঁৱত অনুষ্ঠিত ওদালগুৰি জিলা জাতীয় বিদ্যালয় সমন্বয় ৰক্ষী সমিতিৰ সপ্তম দ্বি-বাৰ্ষিক সমাৰোহৰ আজিৰ মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰি বৰুৱাই কয় যে জাতীয় বিদ্যালয় সমূহক নেতৃত্ব দি অহা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ চমুকৈ এজবেক ইংৰাজী ভাষাৰ বিৰোধী নহয় ; কিন্তু শিক্ষাৰ্থী সকলে মাতৃ ভাষাত শিক্ষা গ্ৰহণ কৰাতো এক যুক্তি সংগত আৰু বিজ্ঞান সন্মত কথা। ওদালগুৰি জিলা জাতীয় বিদ্যালয় সমন্বয় ৰক্ষী সমিতিৰ সভাপতি নন্দেশ্বৰ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কলাগুৰু জাতীয় বিদ্যালয়,ঝাৰগাঁৱৰ প্ৰতিষ্ঠাপক তথা অৱসৰী অভিযন্তা দুলাল কুমাৰ বৰুৱাই। সভা উদ্বোধন কৰি বৰুৱাই জাতীয় বিদ্যালয়ে মাতৃ ভাষাত শিক্ষা গ্ৰহণৰ এক সুকীয়া ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে । অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডা° নাৰায়ণ শৰ্মাই জাতীয় বিদ্যালয় প্ৰতিষ্ঠাৰ লক্ষ্য – উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ইত্যাদি দিশত সমান্তৰাল ভাৱে ছাত্ৰ-ছাত্ৰী সকলক আগুৱাই নিব পৰাকৈ সঠিক শিক্ষা দান কৰাতো জাতীয় বিদ্যালয়ৰ এক উদ্দেশ্য। সভাত ডেৰকুৰি গ্ৰন্থৰ স্ৰষ্টা বিশিষ্ট সাহিত্যিক পৰশু ৰাম বৰুৱাক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ২০২১-২২ বৰ্ষত অনুষ্ঠিত নিম্ন আৰু উচ্চ প্ৰাথমিকত বৃত্তি প্ৰাপ্ত ৪১ গৰাকী শিক্ষাৰ্থী আৰু হাই স্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ৩৩ গৰাকী বিদ্যাৰ্থীক আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জনায় ওদালগুৰি জিলা জাতীয় বিদ্যালয় সমন্বয় ৰক্ষী সমিতিয়ে। কলাগুৰু জাতীয় বিদ্যালয়, ঝাৰগাঁৱৰ আতিথ্যত অনুষ্ঠিত সমাৰোহ উপলক্ষে প্ৰ’কাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ ‘তমোহৰ’ উন্মোচন কৰে বিদ্যা ভাৰতী কলেজৰ সহযোগী অধ্যাপক ড°দুলাল হাজৰিকাই। শৰণীয়া কছাৰী লোক নৃত্য, বাগৰুম্বা, ৰাভা লোক নৃত্যৰে জীপাল হৈ পৰা জনাকীৰ্ণ গাম্ভীৰ্যপূৰ্ণ সভাত সাংবাদিক এঞ্জেলা চাংমাই, অৱসৰী কৃতী শিক্ষক ভূমিধৰ চহৰীয়াকে প্ৰমুখ্য কৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি অংশ গ্ৰহণ কৰে। জেভিদ হুচেইন আৰু হেমেন শইকীয়াই আঁত ধৰা উক্ত সভাত আদৰণি ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি চানা ৰাম বড়োৱে। নিশা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে মহা গাণনিক কাৰ্যালয় (গুৱাহাটী)ৰ জ্যেষ্ঠ গাণনিক তথা যুৱ সমাজ কৰ্মী তপণ ডেকাই। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বি টি চিৰ পৰিষদীয় সদস্য ভবেন্দ্ৰ বড়োৱে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like