নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওড়িশাৰ সম্বলপুৰত পূর্ণগতিত চলিছে সাহিত্যৰথী বেজবৰুৱাৰৰ বাসগৃহৰ নির্মাণকার্য

১৪ অক্টোবৰত আনুষ্ঠানিকভাৱে হ’ব উদ্বোধন

নিয়মীয়া বাৰ্তা, ১৪ মার্চঃ ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহৰ পুনৰ নির্মাণকার্য পূর্ণগতি চলি আছে ৷ অসম চৰকাৰ আৰু ওড়িশা চৰকাৰৰ সহযোগত বেজবৰুৱাৰ বাসগৃহটোৰ ইতিমধ্যে প্রথম পর্যায়ৰ কামখিনি সম্পূর্ণ হৈছে ৷ লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক ৰণ্টু দাসে জনোৱা মতে, বেজবৰুৱাৰ সম্বলপুৰত থকা বাসগৃহটোৰ পুনৰ নির্মাণকার্য অহা ২৬ মার্চৰ পূর্বে সম্পূর্ণ কৰাৰ কথা আছিল যদিও বৰষুণ আৰু আন কেতবোৰ অসুবিধাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল ৷ এনে পৰিস্থিতিত চলিত বর্ষৰ অক্টোবৰ মাহৰ প্রথম সপ্তাহত বাসগৃহটোৰ নির্মাণকার্য সম্পূর্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে ৷ সেই অনুসৰি বাসগৃহটোৰ নির্মাণৰ দায়িত্ব লাভ কৰা ইণ্ডিয়ান নেচনেল ট্রাষ্ট ফ’ৰ আর্ট এণ্ড কালচাৰেল হেৰিটেজ (ইনটাক) নামৰ সংস্থাটোৱে পূর্ণগতিত কাম কৰি আছে ৷ সকলো ঠিকে–ঠাকে থাকিলে অহা ১৪ অক্টোবৰত লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৬সংখ্যক জন্মজয়ন্তীৰ দিনা বাসগৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব ৷

ইনটাকৰ সদস্য তথা লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ আহ্বায়ক দীপক কুমাৰ পাণ্ডাই জনোৱা মতে, বর্তমান বাসগৃহটোৰ ভিতৰভাগত দেৱালৰ প্লাষ্টাৰিঙৰ কাম চলি আছে ৷ এই কামখিনি সম্পূর্ণ হ’লেই মজিয়া আৰু আভ্যন্তৰীণ গৃহসজ্জাৰ (ইণ্টেৰিয়ৰ ডিজাইনিং) কাম আৰম্ভ কৰা হ’ব ৷ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কর্মসূত্রে ওড়িশাৰ সম্বলপুৰত বসবাস কৰিছিল ৷ সম্বলপুৰৰ উক্ত বাসগৃহত থাকি বেজবৰুৱাই সাহিত্য চর্চা কৰিছিল ৷ সেয়ে বেজবৰুৱাৰ সম্বলপুৰৰ বাসগৃহটোত এটা গ্রন্থাগাৰ থাকিব ৷ য’ত বুঢ়ী আইৰ সাধুকে ধৰি বেজবৰুৱাৰ সৃষ্টিৰাজি আছুতীয়াকৈ ৰখা হ’ব ৷ তদুপৰি বাসগৃহটোত থাকিব এটা সংগ্রহালয় ৷ য’ত থাকিব বেজবৰুৱা আৰু পৰিয়ালৰ সদস্যৰ প’ট্রেইট ৷

স্মৃতিৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক ৰণ্টু ডেকাই জনোৱা মতে, অহা ২৬ মার্চত লক্ষ্মীনাথ বেজবৰুৱাৰ ৮২সংখ্যক মৃত্যুবার্ষিকীৰ দিনা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত সম্বলপুৰত বাসগৃহৰ চৌহদত ৮২ গছি বন্তি প্রজ্বলন কৰা হ’ব ৷ বেজবৰুৱাৰ জন্মভূমিৰ পৰা মাটি আৰু তুলসী গছৰ পুলি কর্মভূমি সম্বলপুৰলৈ লৈ যোৱা হ’ব ৷ তাত জন্মভূমিৰ মাটি বিলীন কৰাৰ লগতে তুলসীৰ পুলি ৰোপণ কৰা হ’ব ৷ একেদৰে মৃত্যুবার্ষিকীত গুৱাহাটী ক্লাবত ৰসৰাজৰ প্রতিমূর্তি থকা থলীত স্মৃতিৰক্ষা সমিতিৰ তৰফৰ পৰা ৮২ গছি বন্তি প্রজ্বলন কৰি শ্রদ্ধাঞ্জলি জনোৱা হ’ব ৷ সম্বলপুৰৰ মৃত্যুবার্ষিকীৰ কার্যসূচীত ৰণ্টু ডেকাও উপস্থিত থাকিব৷ ৰণ্টু ডেকাই জনোৱা মতে, ঐতিহ্যক্ষেত্র হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে নির্মাণ কৰা বাসগৃহটোৰ আকৃতি হুবহু পূর্বৰ ৰূপতে নির্মাণ কৰা হ’ব ৷

You might also like