কংগ্ৰেছ আৰু এআইইউডিএফে একেলগে খেলিব ৰাজ্যসভাৰ নিৰ্বাচন
নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে সংবাদ মাধ্যমক সম্বোধন কৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত বিধায়কগৰাকীয়ে কংগ্ৰেছৰ সৈতে এ আই ইউ ডি এফ দলে সহমত পোষণ কৰিছে বুলি উল্লেখ কৰে ।
তৃতীয়খন আসনৰ বাবে ‘কা’বিৰোধী আৰু অসমীয়া জাতিৰ সপক্ষত থকা এজন উমৈহতীয়া প্ৰাৰ্থীক প্ৰক্ষেপ কৰিব বুলিও মন্তব্য আগবঢ়াই আমিনুল ইছলামে । বৰ্তমানলৈকে কোনো এটা দলেও প্ৰাৰ্থীৰ আলোচনা কৰা নাই যদিও অসমীয়া জাতিৰ পক্ষত থকা তথা কা আৰু বিজেপিবিৰোধী এজন ব্যক্তিকে ৰাজ্যসভালৈ প্ৰক্ষেপ কৰিব বুলি কয় বিধায়কজনে ।