নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ শদিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা । ধলা থানাৰ ওপৰ লাওপানী অঞ্চলৰ তকলা মৰাণ নামৰ এজন লোকে নিজৰ ককাক আৰু মোমায়েকক হত্যা কৰি পলায়ন কৰে । ঘটনা অনুসৰি , মঙলবাৰে আবেলি তকলা মৰাণৰ ঘৰত ঘৰুৱা কন্দলৰ সূত্ৰপাত হৈছিল আৰু নিজ পুত্ৰ-পত্নীক শাৰীৰিক অত্যাচাৰ চলাইছিল তকলাই । এই কন্দলৰ বাবেই টকলাৰ ঘৰত উপস্থিত হৈছিল মোমায়েক ধৰ্মেশ্বৰ মৰাণ । ধৰ্মেশ্বৰ মৰাণে ঘৰখনত উপস্থিত হৈ পৰিস্থতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছিল যদিও তকলাই দাৰে ঘপিয়াই হত্যা কৰে মোমায়েক ধৰ্মেশ্বৰক ।
এই ঘটনাৰ পাচতে তকলাৰ ককাক হিতেশ্বৰ মৰাণ ঘটনাস্থলীত উপস্থিত হৈ তকলাক নিয়ন্ত্ৰণ কৰাৰ বাবে চেষ্টা চলাইছিল যদিও দাৰে মূৰত আঘাত কৰি ককাক হিতেশ্বৰকো হত্যা কৰে তকলাই । দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰি ঘৰ এৰি পলাই যায় তকলা মৰাণ । বৰ্তমানেও পলাতক অৱস্থাত থকা তকলা মৰাণক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও দৈনিক মাদক দ্ৰব্য সেৱন কৰি পত্নীৰ সৈতে কন্দলত লিপ্ত হোৱাৰ লগতে পত্নীৰ ওপৰত নিৰ্যাতন চলাই আহিছিল তকলা মৰাণে ।
বৰ্তমান মৃত হিতেশ্বৰ মৰাণ আৰু ধৰ্মেশ্বৰ মৰাণৰ মৃতদেহ শদিয়াৰ এফ আৰ ইউ চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে ।