কঠোৰ চীন প্ৰশাসন : পৰকীয়া প্রেমত নিমজ্জিতই হেৰুৱাব চাকৰি
বিশেষ বাৰ্তা, ২০ জুনঃ পৰকীয়া প্রেমৰ সম্পর্ক গঢ়ি তুলিলে বা উপ–পত্নী ৰাখিলে চাকৰি হেৰুৱাব লাগিব চীনত৷ শেহতীয়াকৈ চীনৰ এটা বেচৰকাৰী সংস্থাই কর্মচাৰীসকলৰ বাবে এই নির্দেশনা জাৰি কৰিছে৷ সংস্থাৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে কর্প’ৰেট সংস্কৃতিত পৰিয়ালৰ প্রতি দায়বদ্ধ থকা উচিত স্বামী৷ সেই ক্ষেত্রত পৰিয়ালৰ লগতে কর্মক্ষেত্রত সুস্থ পৰিৱেশ বজাই ৰাখিব লাগিব বুলিও নির্দেশনা জাৰি কৰিছে সংস্থাটোৱে৷ অৱশ্যে এই সংস্থাটোৰ এনে নির্দেশৰ পিছত সৃষ্টি হৈছে বিতর্ক৷ ব্যক্তি স্বাধীনতাত হস্তক্ষেপৰ অভিযোগ তুলিছে বহুতে৷ লক্ষণীয়ভাৱে চীন চৰকাৰে দেশখনত শিশুৰ জন্মৰ হাৰ হ্রাস পোৱা বাবে বৈবাহিক ক্ষেত্রত থকা বহু নীতি শিথিল কৰিছে৷ আনকি বিবাহ বহির্ভূতভাৱে সন্তান জন্ম দিয়াৰ ক্ষেত্রতো চীনে নতুন আইন প্রণয়নৰ চিন্তা–চর্চা চলাই আছে৷ শেহতীয়াকৈ ‘ছাউথ চাইনা মর্নিং পোষ্ট’ত বেচৰকাৰী সংস্থাটোক লৈ প্রতিবেদন প্রকাশ পোৱাৰ পিছতে সৃষ্টি হৈছে আলোড়ন৷ সংস্থাটো চৰকাৰৰ ৰোষত পৰিব পাৰে বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷