নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ পোষকতা জনসংখ্যা সমাধান ফাউণ্ডেচনৰ

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰঃ ৰাষ্ট্ৰবাদী সংগঠন জনসংখ্যা সমাধান ফাউণ্ডেচনৰ এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবীত দেশজুৰি সজাগতা অনুষ্ঠিত হৈছে। অসমকে ধৰি প্ৰায়বিলাক ৰাজ্যত জনসংখ্যা নিয়ন্ত্রণ আইনৰ সমৰ্থনত গণস্বাক্ষৰ সংগ্ৰহ কৰি সংগঠনটোৱে। ৰাষ্ট্ৰবাদী সংগঠন জনসংখ্যা সমাধান ফাউণ্ডেচনে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ সপক্ষত দেশজুৰি প্ৰায় ১ কোটি ২০ লাখ গণস্বাক্ষৰ সংগ্ৰহ কৰি যোৱা ২৯ অক্টোবৰত গাজিয়াবাদৰ পৰা প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ এটা ৰাষ্ট্ৰ ৰক্ষা ৰেলী আৰম্ভ কৰে। কিন্তু প্ৰশাসনে বাধা দিয়াত সংগঠনটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীয়ে আমৰন অনশনত বহে। অনশনৰ ১৬ দিনৰ পিছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিমন্ত্রণ অহাৰ পৰিপ্ৰেক্ষিতত দিনৰ ১২ বজাত অনিল চৌধুৰীৰ সৈতে সংগঠনটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাই প্ৰধানমন্ত্ৰীৰ মুখ্য উপদেষ্টাৰ লগত আলোচনা কৰে। এই আলোচনা যোগাত্মক বুলি ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীয়ে সংবাদ মাধ্যমক জানিব দিয়ে। উল্লেখযোগ্য এই ৰাষ্ট্ৰ ৰক্ষা ৰেলীত অসমৰ প্ৰায় ২ শতাধিক কাৰ্যকৰ্তাই অংশ লৈছিল। অসমৰ ৰাজ্যিক সমিতিয়ে জনাই যে জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰয়োজন ৰাষ্ট্ৰহিতৰ বাবেহে, এয়া কোনো ধৰ্মীয় কাৰণ নহয়। বৰ্তমান ভাৰতবৰ্ষৰ জনসংখ্যাই চীন দেশকো অতিক্ৰম কৰিছে। গতিকে সময় থাকোঁতে জনসংখ্যা নিয়ন্ত্রণ নকৰিলে ই দেশৰ অৰ্থনীতিৰ লগতে প্ৰাকৃতিক সম্পদসমুহকো ক্ষতি কৰিব।

#বাৰ্তা ডেস্ক

You might also like