নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কণমানি কমলকৃষ্ণ দাসলৈ ৰাষ্ট্রীয় সাহসিকতা বঁটা

সাঁতুৰি প্রাণৰক্ষা কৰিছিল ডুবন্ত মাক–পেহীয়েকৰ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ২০১৮ চনত গুৱাহাটীত ব্রহ্মপুত্রৰ বুকুত সংঘটিত ভয়ংকৰ নাও দুর্ঘটনাত পতিত হোৱা মাক আৰু পেহীয়েকক উদ্ধাৰ কৰি অপৰিসীম সাহসিকতাৰ পৰিচয় দিয়া এঘাৰ বছৰীয়া কণমানি কমলকৃষ্ণ দাসে লাভ কৰিছে ৰাষ্ট্রীয় সাহসিকতা বঁটা ৷ গণৰাজ্য দিৱসৰ প্রাক্ক্ষণত কেন্দ্রীয় শিশু কল্যাণ পৰিষদে মঙলবাৰে ঘোষণা কৰা ৰাষ্ট্রীয় সাহসিকতাৰ বঁটাৰ তালিকাত উজলিল কমল কৃষ্ণ দাসৰ নাম ৷

উল্লেখ্য যে ২০১৯ চনৰ ৰাষ্ট্রীয় সাহসিকতাৰ বঁটা লাভ কৰিছে দেশৰ ১২খন ৰাজ্যৰ মুঠ ২২গৰাকী কিশোৰ–কিশোৰীয়ে ৷ ইয়াৰ ভিতৰত আছে ১০গৰাকী কিশোৰী আৰু ১২জন কিশোৰ ৷ মন কৰিবলগীয়া যে ২০১৮ চনৰ ৫ ছেপ্টেম্বৰত সংঘটিত ভয়াৱহ নাও দুর্ঘটনাত গুৱাহাটীৰ কমল কৃ্ষ্ণ দাসে সাঁতুৰি গৈ ডুবন্ত অৱস্থাৰ পৰা মাতৃ জিতুমণি দাস আৰু পেহীয়েক মীনাক্ষি দাসক উদ্ধাৰ কৰি সমগ্র দেশবাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল ৷ বিপদৰ সময়ত প্রদর্শন কৰা অপৰিসীম সাহসৰ বাবেই গুৱাহাটীৰ ছেইণ্ট এন্থনীজ সুকলৰ ছাত্র কণমানি কমলে লাভ কৰিছে ৰাষ্ট্রীয় সাহসিকতাৰ বঁটা ৷

You might also like