নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ বুধবাৰে পুৱা নাজিৰাৰ বালিঘাটত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী মহিলাই দুটি সন্তানকৈ লৈ জাঁপ দিলে দিখৌ নৈত । ঘটনা সংঘটিত হোৱাৰ পাচতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মাতৃ পুষ্পাঞ্জলি গগৈ আৰু প্ৰিয়াংক্ষী গগৈক উদ্ধাৰ কৰে যদিও পৰৱৰ্তী সময়ত প্ৰিয়াংক্ষীৰ মৃত্যু হয় । আনহাতে বৰ্তমানলৈকে কোনো সন্ধান নাই ছয়বছৰীয়া কন্যা পংখী গগৈৰ ।
উল্লেখ্য় যে, পথেৰে গৈ থকা সময়ত কেইগৰাকীমান মহিলাই এই ঘটনা প্ৰত্যক্ষ কৰাৰ পাচতেই আৰক্ষীক খবৰ দিছিল আৰু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মাতৃ আৰু এগৰাকী কন্যাক । ইফালে, বৰ্তমানলৈকে উদ্ধাৰ নোহোৱা পংখী গগৈৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে এছডিআৰএফে ।