নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ত ক’ত শিপাইছে টিকটক ? অৱশেষত আহিল জাননী

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ টিকটক । এটা প্ৰজন্মৰ বাবে মেনিয়া হোৱা এই টিকটকে এতিয়া সন্ত্ৰাস সৃষ্টি কৰিছে সকলোতে । মহাবিদ্যালয়-বিশ্ববিদ্যালয়কে ধৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠানত টিকটক নিষিদ্ধ ঘোষণা কৰিও জাৰী কৰা হৈছে জাননী । টিকটকৰ বাবেই আকৌ বহুতে চাকৰি হেৰুৱাবলগীয়া ঘটনাও সংঘটিত হৈছে ।

অৱশ্যে এইবাৰ এটা বিশেষ উপাসনাস্থলীত টিকটক নিষিদ্ধৰ জাননী জাৰি কৰা হৈছে । শিৰোমণি গুৰুদ্বাৰ পৰবন্ধক কমিটীয়ে অমৃতসৰৰ স্বৰ্ণ মন্দিৰত আঁৰিছে এখন বিশেষ জাননী । মন্দিৰ চৌহদৰ ভিতৰত টিকটক নিষিদ্ধ বুলি এই জাননীত উল্লেখ কৰিছে কৰ্তৃপক্ষই । উল্লেখ্য যে, ইয়াৰ পূৰ্বে স্বৰ্ণ মন্দিৰৰ ভিতৰত বহুকেইটা টিকটক ভিডিঅ’ নিৰ্মাণ কৰাৰ বাবেই এই জাননী দিয়া বুলি জানিব পৰা গৈছে ।

You might also like