ক’ত–কি কেনেদৰে খোলা থাকিব
গ্রীন জ’নঃ চেলুন, স্পা, মেডিকেল, ক্লিনিক–অ’পিডি, বেংক, বিত্তীয় প্রতিষ্ঠান, অত্যাৱশকীয় সামগ্রীৰ দোকান, নগৰৰ অকলশৰীয়া অনাৱশ্যকীয় সামগ্রীৰ দোকান, কৃষি খণ্ড, নগৰাঞ্চলৰ থকা উদ্যোগ, নগৰাঞ্চলৰ নির্মাণ কার্য, কুৰিয়াৰ আৰু ডাক সেৱা, অত্যাৱশ্যকীয় সামগ্রীৰ ই–কমার্চ, চৰকাৰী–ব্যক্তিগত কার্যালয় ৷ অটোত চালকসহ এজন যাত্রী, চাৰিচকীয়া বাহনত চালকসহ দুজন যাত্রী, বাইকত দুজন যাত্রী উঠিব পাৰিব৷ যাত্রী পৰিবাহী বাছত ৫০ শতাংশ যাত্রীহে কঢ়িয়াব পাৰিব৷
অ’ৰেঞ্জ জ’নঃ চেলুন, স্পা, মেডিকেল ক্লিনিক–’পিডি, বেংক–বিত্তীয় প্রতিষ্ঠান, অত্যাৱশ্যকীয় সামগ্রীৰ দোকান, নগৰৰ অকলশৰীয়াকৈ থকা অন্যান্য সামগ্রীৰ দোকান, অত্যাৱশ্যকীয় সামগ্রীৰ ই–কমার্চ, কৃষি খণ্ড, নগৰাঞ্চলৰ উদ্যোগ, নির্মাণ খণ্ড, সামগ্রীৰ সৰবৰাহ, কুৰিয়াৰ আৰু ডাকসেৱা, চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কার্যালয়৷ অটোত চালকসহ এজন যাত্রী, চাৰিচকীয়া বাহনত চালকসহ দুজন যাত্রী, বাইকত দুজন যাত্রী উঠিব পাৰিব৷ যাত্রী পৰিবাহী বাছত ৫০ শতাংশ যাত্রীহে কঢ়িয়াব পাৰিব ৷
ৰেড জ’নঃ মেডিকেল ক্লিনিক–’পিডি, নগৰীয়া উদ্যোগ, নির্মাণ খণ্ড, অত্যাৱশ্যকীয় সামগ্রীৰ দোকান, অত্যাৱশ্যকীয় সামগ্রীৰ ই–কমার্চ, কৃষি খণ্ড, বেংক–বিত্তীয় প্রতিষ্ঠান, সামগ্রীৰ সৰবৰাহ, কুৰিয়াৰ আৰু ডাকসেৱা, অকলশৰীয়াকৈ থকা অনাৱশ্যকীয় সামগ্রীৰ দোকান৷ চাৰিচকীয়া বাহনত চালকসহ দুজন, বাইকত এজন যাত্রী উঠিব পাৰিব৷ ৩৩ শতাংশ কর্মচাৰীৰে কার্যালয় পৰিচালনা কৰিব লাগিব৷