নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কবিতা লিখি ‘যদিহে’ ভুল কৰিছিলোঁ তেন্তে মই অনুতপ্ত

৬৫ দিনৰ অন্তত মুকলি আকাশৰ তললৈ আহিল বর্ষাশ্রী

নিয়মীয়া বার্তা, ২২ জুলাই: ৰাষ্ট্রদ্রোহৰ অপৰাধত গোলাঘাট জিলা কাৰাগাৰত বিগত ৬৫ দিনে বন্দী হৈ থকা যোৰহাট জিলাৰ টীয়কৰ বনাই কটাৰীখাম গাঁৱৰ মেধাৱী ছাত্রী তথা যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ গণিত বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্রী বর্ষাশ্রী বুঢ়াগোহহাই অৱশেষত শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহিল৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া বর্ষাশ্রীৰ জামিনৰ নির্দেশ কালি ধনশিৰি মহকুমাৰ ন্যায়িক দণ্ডাধীশ উপম কলিতাৰ আদালতত দাখিল কৰাৰ পাছতে আদালতে ২৫ হাজাৰ টকাৰ আমানত ধনৰ বিপৰীতে বর্ষাশ্রীৰ জামিন মঞ্জুৰ কৰে৷ আদালতত বর্ষাশ্রীৰ পিতৃ অজিত বুঢ়াগোহঁায়ে এই সংক্রান্তীয় বেল ব’ণ্ড জমা দিয়ে৷ ইয়াৰ পাছতে বর্ষাশ্রীৰ অধিবক্তা ঋতুপল্লৱ শইকীয়া আৰু পার্থজ্যোতি বৰাই ধনশিৰি মহকুমাৰ ন্যায়িক দণ্ডাধীশৰ জামিন নির্দেশনা গোলাঘাট জিলা কাৰাগাৰ কর্তৃপক্ষক জমা দিয়াৰ পাছত সন্ধিয়া প্রায় ৬.৩০ বজাত বন্দিত্বৰ পৰা মুক্তি লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহে বর্ষাশ্রী৷ জিলা কাৰাগাৰৰ পৰা আৰক্ষীৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজৰে ওলাই অহা বর্ষাশ্রীক আনকি জিলা কাৰাগাৰ চৌহদৰ বাহিৰতো সাংবাদিকৰে মুখামুখি হোৱাত তীব্র বাধা প্রদান কৰে আৰক্ষীয়ে৷

অৱশ্যে আৰক্ষীৰ এনে বাধা সত্ত্বেও গাড়ীৰ ভিতৰৰ পৰাই সাংবাদিকৰ আগত বর্ষাশ্রীয়ে মাত্র কয় যে কবিতা লিখি ‘যদিহে’ ভুল কৰিছিলোঁ, তেন্তে মই অনুতপ্ত৷ বর্ষাশ্রীয়ে লগতে কয়– ‘আপোনালোক সংবাদ মাধ্যম আৰু ৰাইজৰ বাবেই মই আজি কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হ’লোঁ, মই সকলোৰে ওচৰত চিৰকৃতজ্ঞ৷’ কাৰাগাৰত থকা কালছোৱাত দুটাকৈ গুৰুত্বপূর্ণ পৰীক্ষাত বহা বর্ষাশ্রীৰ পৰীক্ষা ভাল হোৱা বুলিও সাংবাদিকক জানিবলৈ দিয়ে৷

লক্ষণীয় যে সাংবাদিকৰ সৈতে কথা–বতৰা হোৱাত বাধা প্রদান কৰা গোলাঘাট আৰক্ষীয়ে আনকি পিতৃ অজিত বুঢ়াগোহঁাই আৰু মাতৃ ঊষা বুঢ়াগোহঁাইৰ সৈতে গৃহাভিমুখে গমন কৰা বর্ষাশ্রীক বাটতো যাতে কোনো স্থানত সাংবাদিকে লগ ধৰিব নোৱাৰে, তাৰ বাবে সম্পূর্ণ এছক’টসহ জিলাৰ সীমা পাৰ কৰি থৈ আহে৷

উল্লেখ্য যে ধনশিৰি মহকুমাৰ উৰিয়ামঘাট জয়াপথাৰৰ এগৰাকী বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ আহোঁতে উৰিয়ামঘাট আৰক্ষীয়ে বর্ষাশ্রী বুঢ়াগোহঁাইক গ্রেপ্তাৰ কৰিছিল৷ চলিত বর্ষৰ ১৮ মে’ত বর্ষাশ্রীয়ে নিজৰ ফেচবুক পোষ্টত ‘স্বাধীন সূৰুযৰ দিশে আকৌ এখোজ, আকৌ কৰিম ৰাষ্ট্রদ্রোহ’ শীর্ষক এটা পোষ্ট দিছিল৷ এই পোষ্টটো প্রত্যক্ষ কৰি আৰক্ষী কনিষ্টবল পংকজ শইকীয়াই গোলাঘাট জিলাৰ উৰিয়ামঘাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল৷ উক্ত এজাহাৰৰ ভিত্তিত উৰিয়ামঘাট থানাই ধাৰা ইউ এ পি এক্ট/ ছেকচন ১০ এ/ভি (১৩)(১) বি গোচৰ নং ২০/২২ৰ অধীনত গোচৰ ৰুজু কৰি সেই দিনাই বর্ষাশ্রীক উৰিয়ামঘাটৰ পৰা গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ পৰৱর্তী সময়ত বর্ষাশ্রীৰ জামিন আবেদন নাকচ হোৱাৰ পাছত পৰিয়ালৰ লোকে গোচৰটো গুৱাহাটী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰে৷ সেই অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে বর্ষাশ্রীৰ কেছ ডায়েৰী পৰীক্ষাৰ অন্তত বন্দিত্বৰ ৬৪ দিনৰ অন্তত জামিন মঞ্জুৰ কৰে৷

You might also like