নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্রৌপদী মুর্মুৰ নির্বাচন

ড০ বাবাচাহেব ভীমৰাও আম্বেদকাৰে ভাৰতৰ সংবিধান প্রণয়ন কৰি যি এক শক্তিশালী গণতান্ত্রিক পৰিকাঠামো গঢ়ি তোলাৰ সপোন দেখিছিল সেই সপোন অধিক শক্তিশালী হ’ল দ্রৌপদী মুর্মু দেশৰ পঞ্চদশসংখ্যক ৰাষ্ট্রপতিৰূপে নির্বাচিত হোৱাৰ পাছত৷ দ্রৌপদী মুর্মু দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্রপতি হোৱাৰ লগতে প্রথমগৰাকী জনজাতি মহিলা ৰাষ্ট্রপতি৷ অতি সাধাৰণ পৰিয়ালৰ পৰা আহি দেশৰ সর্বোচ্চ পদত আৰোহণ কৰা দ্রৌপদী মুর্মু ৰাষ্ট্রপতিৰূপে নির্বাচিত হোৱাৰ পাছত বিশ্বজুৰি ভাৰতীয় গণতান্ত্রিক পৰম্পৰাৰ যি ঐতিহ্যমণ্ডিত গৰিমা আছিল সেই গৰিমা অধিক মহীয়ান কৰি তুলিলে৷ দ্রৌপদী মুর্মুৰ দৰে এগৰাকী সাধাৰণ নাৰী দেশৰ ৰাষ্ট্রপতিৰূপে নির্বাচিত হোৱাটো ভাৰতীয় গণতন্ত্রতহে সম্ভৱ৷ এই নির্বাচনে দেশৰ গণতান্ত্রিক সৌধ পুনৰ গৰিমামণ্ডিত কৰি তুলিলে৷ ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ অতি পিছপৰা ওপৰবেড়া গাঁৱৰ চান্থাল জনজাতিৰ এক সাধাৰণ পৰিয়ালত ১৯৫৮ চনৰ ২০ জুনত জন্মগ্রহণ কৰিছিল দ্রৌপদী মুর্মুৱে৷ ৰাজনীতিলৈ অহাৰ পূর্বে শিক্ষকতাৰে জীৱন যাপন কৰিছিল দেশৰ প্রথম নাগৰিকৰূপে নির্বাচিত দ্রৌপদী মুর্মুৱে৷ তেওঁ ওড়িশাৰ ৰাইৰাংপুৰৰ শ্রীৰবিন্দ ইণ্টিগ্রাল এডুকেচন এণ্ড ৰিছার্চ ইনষ্টিটিউটত সহকাৰী অধ্যাপক হিচাপে শিক্ষকতা জীৱন আৰম্ভ কৰিছিল৷ ১৯৯৭ চনত ভাৰতীয় জনতা পার্টীত যোগদান কৰা মুর্মু ৰাইৰাংপুৰ নগৰ পঞ্চায়তৰ কাউন্সিলৰ হিচাপে নির্বাচিত হোৱাৰ লগতে ২০০০ বর্ষত এই পঞ্চায়তৰ অধ্যক্ষৰূপে নির্বাচিত হয়৷ তেওঁ ৰাইৰাংপুৰ সমষ্টিৰ পৰা দুবাৰকৈ বিধায়কৰূপে নির্বাচিত হোৱাৰ লগতে ওড়িশাৰ বিজেপি বিজু জনতা দলৰ মিত্রজোঁটৰ চৰকাৰৰ বাণিজ্য, পৰিবহণ আৰু মীনমন্ত্রী হিচাপে কার্যনির্বাহ কৰিছিল৷ তেওঁ বিজেপিৰ জনজাতীয় মর্চাৰ ৰাষ্ট্রীয় উপ–সভাপতিৰূপে কার্যনির্বাহ কৰিছিল৷ ২০১৫ চনত দ্রৌপদী মুর্মু ঝাৰখণ্ডৰ ৰাজ্যপালৰূপে মনোনীত হয়৷ ৰাজ্যপাল হিচাপে মুর্মুৱে বহুকেইটা কঠোৰ সিদ্ধান্ত গ্রহণ কৰি সংবাদ শিৰোনাম দখল কৰিছিল৷ বিদায়ী ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দৰ কার্যকাল অন্ত পৰাৰ পাছত পৰৱর্তী ৰাষ্ট্রপতিৰূপে বিজেপি নেতৃত্বাধীন এনডিএ কাক প্রার্থিত্ব আগবঢ়ায় তাক লৈ ব্যাপক জল্পনা–কল্পনাৰ সৃষ্টি হৈছিল৷ সেই সময়ত ভুলতেও উচ্চাৰিত হোৱা নাছিল দ্রৌপদী মুর্মুৰ নাম৷ কিন্তু সকলোকে আচৰিত কৰি বিজেপি নেতৃত্বাধীন এনডিএ মিত্রজোঁটে দ্রৌপদী মুর্মুক পৰৱর্তী ৰাষ্ট্রপতি প্রার্থীৰূপে ঘোষণা কৰাৰ পিছতে ৰাষ্ট্রজুৰি চর্চালৈ আহে ওড়িশাৰ এই স্বল্পখ্যাত জনজাতীয় মহিলাগৰাকী৷ প্রত্যাশিতভাৱে দ্রৌপদী মুর্মু ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ পাছত এতিয়া দেশৰ অতিকৈ পিছপৰা অঞ্চলৰ এগৰাকী সাধাৰণ জনজাতীয় মহিলা সর্বোচ্চ আসনত অধিষ্ঠিত হোৱা প্রথম মহিলাৰূপে স্বীকৃত হ’ল৷
বিজেপি নেতৃত্বাধীন এনডিএ মিত্রজোঁটে ৰাষ্ট্রপতি নির্বাচনৰ সময়ত প্রতিবাৰেই চমক সৃষ্টি কৰি আহিছে৷ প্রয়াত অটল বিহাৰী বাজপেয়ীৰ প্রধানমন্ত্রিত্বৰ সময়ত সমগ্র দেশবাসীকে চমকিত কৰি এনডিএ মিত্রজোঁটে ৰাষ্ট্রপতিৰূপে নির্বাচিত কৰিছিল দেশৰ প্রখ্যাত বিজ্ঞানী ড০ এ পি জে আব্দুল কালামক৷ দেশৰ বিজ্ঞান আৰু সমাজ জীৱনৰ প্রতি ড০ কালামৰ অৱদানে সেই সময়ত আনকি গৌণ কৰিছিল তেওঁৰ ধর্মৰ পৰিচয়ো৷ বিজেপিৰ দৰে হিন্দুত্ববাদী দলে ড০ কালামক প্রার্থিত্ব প্রদান কৰি দেশৰ ধর্মনিৰপেক্ষ আৰু গণতান্ত্রিক পৰম্পৰা অধিক সুদৃঢ় কৰি তুলিছিল৷ ঠিক একেদৰে নৰেন্দ্র মোদীৰ প্রধানমন্ত্রিত্বৰ সময়তো প্রথমে ৰাম নাথ কোৱিন্দৰ দৰে দলিত ব্যক্তি এগৰাকীক দেশৰ সর্বোচ্চ আসনখনলৈ নির্বাচিত কৰা আৰু এতিয়া দ্রৌপদী মুর্মুৰ দৰে জনজাতীয় মহিলাক ৰাষ্ট্রপতিৰূপে নির্বাচিত কৰা কার্যই বিজেপিৰ বর্ণ হিন্দুৰ দল বুলি থকা চেকা বহু পৰিমাণে লাঘৱ কৰিলে৷ ৰাম নাথ কোৱিন্দ আৰু দ্রৌপদী মুর্মুক ৰাষ্ট্রপতিৰূপে নির্বাচিত কৰা কার্যই প্রকৃততে বিজেপি দলক জনজাতি–দলিতবিৰোধ্ বুলি বিৰোধী দলসমূহে কৰা সমালোচনাৰ সমুচিত প্রত্যুত্তৰ দিলে৷ ৰাজনৈতিক দৃষ্টিকোণৰ পৰা দ্রৌপদী মুর্মুৰ ৰাষ্ট্রপতি নির্বাচন যি ধৰণেই মূল্যায়ন কৰা নহওক, কিন্তু এই নির্বাচনে দেশৰ ধর্মনিৰপেক্ষ আৰু গণতান্ত্রিক চৰিত্র অধিক শক্তিশালী কৰি তুলিছে৷ এগৰাকী সাধাৰণ জনজাতীয় মহিলা দেশৰ সর্বোচ্চ আসনলৈ নির্বাচিত হোৱাটো সাধাৰণ বিষয় হ’ব নোৱাৰে৷ এনে ৰাজনৈতিক পৰিঘটনা একমাত্র বিজেপিৰ মঞ্চতহে সম্ভৱ হয়৷ যিদৰে বিজেপিৰ সাধাৰণ ৰাজ্যিক নেতা এজন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু তাৰ পাছত দেশৰ প্রধানমন্ত্রীৰূপে মনোনীত হয়, একেদৰে একমাত্র বিজেপিৰ মঞ্চৰ পৰাহে অখ্যাত গাঁৱৰ জনজাতি মহিলা এগৰাকীয়ে দেশৰ সর্বোচ্চ আসনত আৰোহণ কৰাটো সম্ভৱ৷ বিজেপিয়ে কার্যতঃ এনে সবল গণতান্ত্রিক পৰম্পৰাৰে আক্ষৰিক অর্থতে বিৰোধীৰ সকলো ধৰণৰ সমালোচনাৰ এশাৰী বাক্যৰেই উত্তৰ প্রদান কৰিলে৷ ৰাজনৈতিক সমীকৰণক একাষৰীয়া কৰি থৈ দ্রৌপদী মুর্মুৰ ৰাষ্ট্রপতি নির্বাচন ভাৰতীয় সমাজ জীৱনৰ বাবে এক ইতিবাচক বার্তা হিচাপে পৰিগণিত হৈ ৰ’ব৷

You might also like