নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমিউনিষ্ট পাৰ্টী মানে গুণ্ডাবাহিনীৰ দল : মন্ত্ৰী পীযুষ

কমলপুৰত পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়াবাৰ্তা, কমলপুৰ, ২ মে’ : কমিউনিষ্ট পাৰ্টি মানে গুণ্ডাবাহিনীৰ দল আখ্যা দিয়ে। কমিউনিষ্ট পাৰ্টি চোৰ ডকাইত গুণ্ডাবাহিনীৰ দল বুলি কৈ কমিউনিষ্ট পাৰ্টিৰ চৰকাৰ হলে মানুহ মাৰি পেলাব মাৰি পেলাব মানে একেবাৰে মৰি যোৱাকৈ মাৰি পেলাব বুলি ৰাইজক উল্লেখ কৰে। এই মন্তব্য পীয়ুষ হাজৰিকাৰ।

হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠাবলৈ শ শ বাৰ জনম লব লাগিব অখিল গগৈয়ে। ৩৬বাৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক জেললৈ প্ৰেৰণ কৰা বুলি অভিযোগ তুলি শিৱসাগৰৰ বিধায়ক গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক ৩৬০ বাৰ জেললৈ প্ৰেৰণ কৰাৰ হুমকি প্ৰদান কৰিছিল।

অখিল গগৈৰ এই মন্তব্যক উভতি ধৰি জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই অখিল গগৈক চোকা ভাষাৰে সমালোচনা কৰে। অখিল গগৈয়ে ৩৬০ বাৰ জন্মলৈয়ো হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ  কৰিব নোৱাৰে বুলি মন্ত্ৰী  হাজৰিকাই মন্তব্য কৰে। কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে অখিল গগৈক উভতি ধৰে কেবিনেট মন্ত্ৰী গৰাকীয়ে।

কমলপুৰ সমষ্টিৰ সাজে দগাৱত মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কংগ্ৰেছ দল লুঙি, টুপি, সূতা, কম্বলৰ দল বুলি সমালোচনা কৰে। কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা উপস্থিত থকা নিৰ্বাচনী প্ৰচাৰ সভাখনত মন্ত্ৰী গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত বিকাশৰ গংগা বোৱা বুলি দাবী কৰে। ইফালে সমষ্টিটোৰ বিহদিয়াটো মন্ত্ৰী গৰাকীয়ে বিহদিয়া জাজীকোনা জিলা পৰিষদৰ মিত্ৰজোটৰ প্ৰাৰ্থী উমেশ ডেকাৰ সমৰ্থনত প্ৰচাৰ চলায় ।

মন্ত্ৰী পিযুষ হাজৰিকাই কমিউনিষ্ট পাৰ্টি সন্দৰ্ভত এই মন্তব্য  কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় হবলৈ গৈ আছে বুলি সদৰি কৰে। সভাখনত বিধায়ক দিগন্ত কলিতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সবল নেতৃত্বত ৰাজ্যৰ লগতে কমলপুৰত কল্পনাতীত উন্নয়ন হৈছে বুলি দাবী কৰে।

নিৰ্বাচনী প্ৰচাৰ সভাদুখনত বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক ৰাতুল শৰ্মা, বিহদিয়া জাজীকোনা মণ্ডল সভাপতি ত্ৰৈলোক্য ডেকা, বিজেপি নেতা ৰমেশ শইকীয়া, উপেন ডেকা ,শান্তিৰঞ্জন ডেকা,  দিলীপ ডেকা, অগপ নেতা গগণ ডেকা, নজিম আহমেদকে প্ৰমুখ্য কৰি ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে।

প্ৰেৰক দীপক দাস

You might also like