কলকাতাত নিলাম হ’ব স্বণিল আহোম যুগৰ ঐতিহ্য
চৰকাৰী উদাসীনতাৰ চৰম পৰিণতি । বোম্বে ক'ইনছ এণ্ড ষ্টেম্পছ'ৰ হাতত থকা স্বৰ্গদেউসকলৰ কেইবাশতিকা প্ৰাচীন ৪৫০ সোণ- ৰূপৰ মুদ্ৰা, টোকেনৰ ২১ ডিচেম্বৰত হ'ব অক্সন ।
নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ছশ বছৰীয়া আহোম ৰাজত্বৰ ঐতিহ্যৰ সাক্ষী বৃহৎসংখ্যক সোণ-ৰূপৰ মুদ্ৰাৰ নিলাম প্ৰস্তুতি চলিছে বহিঃৰাজ্যত । ৰাজ্যবাসীৰ অলক্ষিতে নিলাম প্ৰক্ৰিয়াটো সম্পন্ন হোৱাৰ লগে লগে হয়টো অসম বুৰঞ্জীৰ স্বৰ্ণিল যুগ হিচাপে চিহ্নিত আহোম ৰাজত্বকালৰ এই কীৰ্তিচিহ্ন তথা জাতীয় সম্পদসমূহৰ স্বত্ব চিৰদিনলৈ গুচি যাব বহিঃৰাজ্যৰ কোনো ব্যক্তি বিশেষৰ হাতলৈ । তেতিয়া আৰু এই অমূল্য সম্পদৰাজিৰ ওপৰত কোনোকালেই অসমৰ স্বত্ব নাথাকিব । প্ৰধানতঃ অসমৰ পৰিৱৰ্তিত অৰ্থনৈতিক অৱস্থা, ভাৰতৰ লগতে অসমৰো শাসন ক্ষমতা ব্ৰিটিছৰ হাতলৈ যোৱা, ইতিহাস সচেতনতাৰ অভাৱ আদি কাৰণবোৰৰ বাবেই এয়া বাস্তৱ হোৱাৰ পথ প্ৰশস্ত হৈছে । নিয়মীয়া বাৰ্তাৰ হাতত আহি পৰা তথ্য অনুসৰি ‘দ্য ছ’চিয়িটী অৱ কলকাতা’ৰ উদ্যোগত উদযাপন হ’ব ‘মুদ্ৰা উৎসৱ-২০১৯’ । ইয়াৰ লগত সংগতি ৰাখিয়েই ২১ ডিচেম্বৰত কলকাতাৰ ২৪ বালিগঞ্জ পাৰ্কস্থিত হালদিৰাম অভ্যৰ্থনা গৃহত আয়োজন কৰা হৈছে ‘বোম্বে অক্সন’ৰ । উদ্যোক্তা মুম্বাইৰ ডঃ এম বি ভেলকাৰ ষ্ট্ৰীটৰ ‘বোম্বে ক’ইনছ এণ্ড ষ্টেম্পছ’ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰ সঞ্জয় গোছালিয়াৰ । পুৰণিকলীয়া বিভিন্ন সামগ্ৰী সংগ্ৰহ তথা অনুজ্ঞাপত্ৰ ধাৰী সঞ্জয় গোছালিয়াৰ দ্বাৰা প্ৰকাশিত উক্ত নিলাম সম্পৰ্কীয় ৪০০ টকীয়া মূল্যৰ নথিত উল্লেখ কৰা অনুসৰি আহোম ৰাজত্ব কালৰ মুঠ ৪৪৮ টা কেইবাশতিকা প্ৰাচীন সোণ-ৰূপৰ মুদ্ৰাৰ লগতে দুটা ৰূপৰ টোকেন নিলামৰ বাবে ৰখা হ’ব । অসমৰ এই অমূল্য সম্পজদৰাজি কেতিয়া বা কেনেকৈ সঞ্জয় গোছালিয়াৰ হাতলৈ গ’ল, সেই সম্পৰ্কে প্ৰকাশিত নথিত উল্লেখ নাই যদিও তেওঁ বিভিন্ন সময়ত কিবাপ্ৰকাৰে তেওঁ সেইবোৰ সংগ্ৰহ কৰিছিল বুলি ধাৰণা কৰা হৈছে ।

এই নিলাম প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পূৰ্বে সমগ্ৰ বিষয় সন্দৰ্ভত ৰাজ্যচৰকাৰ সদিচ্ছাৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে । যদিহে ৰাজ্য চৰকাৰে সদিচ্ছা প্ৰদৰ্শন কৰি আগবাঢ়ি আহে, তেন্তে হয়তো নিলামত এই আপুৰুগীয়া সম্পদৰাজিৰ কৰ্তৃত্ব অইনৰ হাতলৈ যোৱাৰ পথ বন্ধ হ’ব ।