নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰত গ্ৰেপ্তাৰ ৩ ব্যৱসায়ী

প্ৰশাসনৰ অনুমতি-পত্ৰ জালিয়াতি

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ লকডাউনৰ সময়ত প্ৰশাসনৰ পৰা লোৱা বাহন চলাচলৰ অনুমতি পত্ৰ জালিয়াতি কৰি অৱশেষত অসাধু ব্যৱসায়ী চক্ৰটোৰ আটাইকেইজন সদস্য গ্ৰেপ্তাৰ হ’ল। কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তৰ বিতোপন নেওগৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই জালিয়াতি চক্ৰটোক। উল্লেখ্য যে লকডাউনৰ সময়ত কলিয়াবৰৰ পৰা নাগালেণ্ডৰ মুককচাং লৈ শাক পাচলি সৰবৰাহ কৰিবৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসনৰ পৰা লোৱা এ এছ-০২চিচি-৪০১৪ আৰু এ এছ-১২বিচি-৬৪১৭ নম্বৰৰ দুখন বলেৰ পিকআপ বাহন অনুমতি পত্ৰখন জেৰক্স কৰি তাত আন আন বাহনৰ নম্বৰ লিপিবদ্ধ কৰি জালিয়াতি কৰিছিল দুষ্ট চক্ৰটোৱে। সেই জালিয়াতি মহকুমধিপতি বিতোপন নেওগৰ দৃষ্টিগোচৰ হোৱাত তেওঁ দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮৮/৪৬৫ অধীনত কলিয়াবৰ থানাৰ আৰক্ষীয়ে ২৭/২০২০ অধীনত ৰুজু কৰা গোচৰৰ ভিত্তিত ব্যৱসায়ী মজিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে। আনহাতে পলাতক অৱস্থাত থকা এই জালিয়াতি কাণ্ডত জড়িত খাইৰুল আলী আৰু মাণিক হুছেইন নামৰ আন দুজনক আৰক্ষীয়ে আজি পুৱতি নিশা গ্ৰেপ্তাৰ কৰাৰ লগতে এছ-১২ বি চি-৬৪১৭ নম্বৰৰ বাহনখনো জব্দ কৰে। আনহাতে লকডাউনৰ সময়ত দৰং জিলাৰ খাৰুপেটীয়াৰ পৰা গোলাঘাট
,যোৰহাট, শিৱসাগৰ আদি জিলালৈ বৈধ অনুমতি অবিহনে শাক-পাচলি সৰবৰাহ কৰা দুখন বাহনো কলিয়াবৰ আৰক্ষীয়ে জব্দ কৰে। জব্দ কৰা বাহন দুখনৰ পঞ্জীয়ন নম্বৰ এ এছ-১২ বি চি-৪৯৫৯ আৰু এ এছ-১৩ এ চি-১৩৫৯।

You might also like