কাইলৈৰ পৰা খুলিব চৰকাৰী কার্যালয়ঃ মাস্ক পিন্ধাটো বাধ্যতামূলক
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ দেশত দ্বিতীয় পর্যায়ৰ লকডাউন চলি থকাৰ মাজতে ৰেড জ’ন হিচাপে চিহ্ণিত নোহোৱা অঞ্চলসমূহত আজিৰ দিনটোৰ পাছত লকডাউন কিছু শিথিল কৰাৰ পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় চৰকাৰৰ আর্হিত ৰাজ্য চৰকাৰেও অসমত লকডাউনৰ কঠোৰত কেতবোৰ ক্ষেত্রত শিথিল কৰাৰ ব্যৱস্থা লৈছে৷ ইয়াৰ বাবে প্রয়োজনীয় গাইড লাইনো ইতিমধ্যে ৰাজ্য চৰকাৰে যুগুতাইছে৷ সেই অনুসৰি অহা ২১ এপ্রিলৰ পৰা জনতা ভৱনকে ধৰি ৰাজ্যৰ চৰকাৰী কার্যালয়সমূহ খোলাৰ ব্যৱস্থা কৰিছে৷ এই গাইড লাইন অনুসৰি জনতা ভৱনকে ধৰি সচিবালয়ৰ বিভাগসমূহত উপ–সচিব পর্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি শীর্ষ বিষয়াসকলৰ উপস্থিতি ১০০ শতাংশ কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ প্রয়োজনত প্রথম আৰু দ্বিতীয়বর্গৰ আমোলা–বিষয়াসকলো কার্যালয়লৈ আহিব লাগিব৷ বিভাগীয় মুৰব্বী তথা জিলা–মহকুমা পর্যায়ৰ বিভাগৰ কার্যালয়, উপায়ুক্ত–মহকুমাধিপ্ কার্যালয়ত তৃতীয় আৰু চতুর্থবর্গৰ ৩৩ শতাংশ কর্মচাৰীৰ উপস্থিতিৰে কার্যালয় চলোৱাৰ পৰিকল্পনা কৰিছে৷ এইক্ষেত্রত কোন কর্মচাৰী কোনদিনা উপস্থিত থাকিব লাগিব, সেয়া বিভাগীয় মুৰব্বী তথা কার্যালয়ৰ মুৰব্বীয়ে স্থিৰ কৰিব৷ অৱশ্যে অহা ২১ এপ্রিলৰ পৰা চৰকাৰী কার্যালয়সমূহ খুলিলেও প্রতিগৰাকী কর্মচাৰীয়ে সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক৷ সেই ব্যৱস্থা ১০০ শতাংশ কার্যালয়ৰ ভিতৰে–বাহিৰে নিশ্চিত কৰিব লাগিব৷ একেদৰে প্রতিগৰাকী কর্মচাৰীয়ে মুখমণ্ডল ঢ়াকি, মাস্ক পিন্ধি কার্যালয়লৈ আহিব লাগিব৷ চৰকাৰী কার্যালয়সমূহ কেনেদৰে পৰিচালিত হ’ব, এই সম্পর্কত কাইলৈ ৰাজ্যৰ মুখ্য সচিবে আনুষ্ঠানিকভাৱে গাইড লাইন প্রকাশ কৰিব৷ ইপিনে ৰেড জ’ন তথা হটস্পট হিচাপে চিহ্ণিত জিলাক বাদ দি ৰাজ্যখনৰ অন্যান্য জিলাত অহা ২১ এপ্রিলৰ পৰা সকলো ধৰণৰ স্বাস্থ্যসেৱা পুনৰ আৰম্ভ হ’ব৷ কৃষি, উদ্যান শস্যৰ কাম–কাজো আৰম্ভ হ’ব৷ চাহ, ৰবৰ, কাজু বাদাম আদি ৫০ শতাংশ কর্মচাৰীৰ উপস্থিতিৰে চলোৱাৰ ব্যৱস্থা কৰা হ’ব৷ পশুপালন, দুগ্ধ উন্নয়ন, হাঁহ–কুকুৰাৰ ফার্ম, মৎস্য পালন, শাক–পাচলিৰ পাইকাৰী আৰু খুচুৰা বিক্রী আদি খণ্ডকো লকডাউনৰ পৰা ৰেহাই দিয়া হ’ব৷ অৱশ্যে এইবোৰ খণ্ডয়ো সামাজিক দূৰত্ব মানি চলি মাস্ক পিন্ধি কাম–কাজ সম্পাদন কৰিব লাগিব৷ একেদৰে বেংক, এ টি এম, বীমা, শিশু নিৱাস, জ্যেষ্ঠ নাগৰিকৰ গৃহ, নাৰী গৃহ, নিৰীক্ষণ কেন্দ্র আদিও মুকলি কৰাৰ ব্যৱস্থা কৰিব৷ পেন্সন সেৱা, অংগনৱাড়ী কেন্দ্রৰ কাম–কাজো সামাজিক দূৰত্ব মানি চলোৱাৰ ব্যৱস্থা গ্রহণ কৰিব৷ এনৰেগা, জলসম্পদ, জলসিঞ্চন, তেল, গেছ, উদ্যোগ, শক্তিখণ্ড, ডাকঘৰ আদিও খোলাৰ ব্যৱস্থা লোৱা হ’ব৷ পৌৰ নিগম, পৌৰসভা, টেলিকম, ইণ্টাৰনেট সেৱা আদিও খোলাৰ ব্যৱস্থা কৰা হ’ব৷ অত্যাৱশ্যকীয় সামগ্রী কঢ়িওৱা ট্রাকৰ চলাচল অব্যাহত ৰখা হ’ব৷ ইয়াৰ বাবে ৰাষ্ট্রীয় ঘাইপথৰ কাষত থকা গেৰেজ, ধাবা আদি খুলি দিয়া হ’ব৷ খোল খাব ৰেচনৰ দোকান, গেলামাল, ফলমূলৰ দোকান, গাখীৰ আৰু দুগ্ধজাত সামগ্রীৰ দোকান৷ পশুখাদ্যৰ দোকান, সাৰ, কীটনাশক দ্রব্যৰ দোকানো খোলা হ’ব৷ ৫০ শতাংশ কর্মচাৰীৰ উপস্থিতিৰে তথ্য–প্রযুক্তি খণ্ড, চি চি এছ, ক’ল ষ্টেৰেজ, ৱেৰহাউছ আদিও খোলা হ’ব৷ একেদৰে স্ব–নিয়োজন খণ্ডৰ সৈতে জড়িত ইলেক্ট্রিচিয়ান, প্লাম্বাৰ, কার্পেণ্টাৰ, মটৰ মেকানিক, কম্পিউটাৰ–ম’বাইল ফোন মেকানিক আদিকো লকডাউনৰ পৰা ৰেহাই দিয়া হ’ব৷ তেওঁলোকে ব্যক্তিগতভাৱে মানুহৰ ঘৰৰ কাম–কাজ সম্পাদন কৰিব পাৰিব৷ কর্মচাৰী থকাৰ সুবিধা থকা ঔদ্যোগিক পামসমূহো খোলাৰ ব্যৱস্থা কৰিব৷ ইটাভাতা আদিও খুলি দিয়া হ’ব৷ অৱশ্যে এই সকলো ক্ষেত্রতে মাস্ক পিন্ধাটো বাধ্যতামূলক আৰু সামাজিক দূৰত্ব প্রত্যেকেই মানি চলিব লাগিব৷ মাছ–মাংসও হোম ডেলিভাৰী ব্যৱস্থাৰে বিতৰণ কৰা হ’ব৷ পূর্বৰ দৰে খোলা থাকিব ছপা আৰু বৈদ্যুতিন প্রচাৰ মাধ্যম৷ অত্যাৱশ্যকীয় সেৱাত জড়িত ব্যক্তি তথা প্রশাসনৰ পৰা অনুমতি লাভ কৰা ব্যক্তিয়ে দুচকীয়া বাহনত মাত্র এজন আৰু চাৰিচকীয়া বাহনত মাত্র দুজন লোকেহে চলা–ফিৰা কৰিব পাৰিব৷ কেন্দ্রীয় চৰকাৰে শিথিলতা অনা প্রতিটো খণ্ডৰ কাম–কাজ কেন্দ্রৰ গাইড লাইন অনুসৰি ৰাজ্য চৰকাৰে আৰম্ভ কৰিব৷ আনহাতে, অহা ৩ মে’ পর্যন্ত কোনো পৰিস্থিতিতে খোলা নহয় চৰকাৰী–বেচৰকাৰী সকলো শিক্ষানুষ্ঠান৷ খোলা নহয় ৰাজহুৱা পৰিৱহণ ব্যৱস্থা৷ আন্তঃৰাজ্যিক আৰু আন্তঃজিলা পর্যায়ত বাছ–মটৰৰ চলাচল, যাত্রীবাহী ৰে’লৰ চলাচল সমূলি বন্ধ থাকিব৷ সুৰা বিপণী, গুট্খা–ধঁপাতৰ উৎপাদন আৰু বিক্রী সম্পূর্ণৰূপে বন্ধ থাকিব৷ বন্ধ থাকিব হোটেল, ৰেস্তোৰাঁ, বিউটী পার্লাৰ, চেলুন আদি৷