নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ মৃতপ্ৰায় নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ জীৱনলৈ সংশয় নমাই পুনৰ আহিছে এক জাননী । প্ৰাপ্য দৰমহা আৰু জীৱনৰ নিৰাপত্তা বিচাৰি সময়ে সময়ে আন্দোলনৰ পথ বাচি লোৱা নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ আবাসিক এলেকা খালী কৰাৰ বাবে এন চি এল টিৰ (NCLT) পৰা অহা এক বিশেষ জাননীয়ে এতিয়া চিন্তিত কৰি তুলিছে এইসকল কৰ্মচাৰীক । কাগজ কলৰ বিষয়ালৈ এন চি এল টিৰ হৈ কুলদ্বীপ বাৰ্মাই প্ৰেৰণ কৰা এটা মেইলে এতিয়া আতংকিত কৰি তুলিছে নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলক ।
মেইলত উল্লেখ থকা অনুসৰি কাগজ কলৰ কৰ্মচাৰীক আৱাসিক গৃহসমূহ ২০২০ বৰ্ষৰ ৩১ জানুৱাৰীৰ ভিতৰত খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে । উল্লেখ্য যে, কল বন্ধ হৈ থকাৰ বাবে বিগত ৩৫ মাহ ধৰি কৰ্মচাৰী সকলে লাভ কৰা নাই প্ৰাপ্য দৰমহা । এই প্ৰাপ্য দৰমহা আদায় নিদিয়াৰ পাচতে পুনৰ আৱাসিক এলেকা খালী কৰাৰ এই সংকট নামি অহাত এতিয়া জংগী আন্দোলনৰ হুংকাৰ দিছে কৰ্মচাৰীসকলে ।

ইফালে, অৰ্থৰ অভাৱত প্ৰায় ৬০ জন কৰ্মচাৰীয়ে উপযুক্ত চিকিৎসা অবিহনে ইতিমধ্যে মৃত্যুক সাবটি লৈছিল । ৩ গৰাকী কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পন্থাও বাচি লৈছিল । তেনে পৰিপ্ৰেক্ষিতত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে এইসকল কৰ্মচাৰীৰ জীৱন আৰু নিৰাপত্তাৰ কথা নাভাবি পুনৰ গৃহ খালী কৰাৰ এনে জাননী দিয়া কাৰ্যই এতিয়া ব্যথিত কৰিছে এইসকল দুৰ্ভগীয়া কৰ্মচাৰীক ।