নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ কাজিৰঙাত NO PARKING ZONE ঘোষণা। বন্য প্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে NO PARKING ZONE ঘোষণা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ ধাবা অথবা হোটেলসমূহত কোনো লঘু বা গধুৰ বাহন দীৰ্ঘসময় ধৰি ৰখাব নোবাৰিব। গোলাঘাট জিলাৰ পৰিবহন বিভাগ, আৰক্ষী আৰু বন বিভাগে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অভিযান অব্যাহত ৰাখিছে। পথৰ কাষত দীৰ্ঘসময় ধৰি বাহন সমূহ ৰখাই থোৱাৰ ফলত কাজিৰঙাৰ জীব-জন্তু সমূহৰ যথেষ্ঠ অসুবিধাৰ সন্মুখীন হয়। জীৱ-জন্তুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ এই নিৰ্দেশ।