কাট অফ নম্বৰতকৈ অধিক নম্বৰ পোৱাৰ পিছতো নোসোমাল নাম
অসম বিত্ত সেৱা নিযুক্তিৰ মেধাৰ তালিকাত চৰম বিসংগতি
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ দীর্ঘ পদক্ষেপৰ পাছতো সংস্কাৰ নাহিল অসম লোকসেৱা আয়োগলৈ (এ পি এছ চি)৷ ৰাকেশ পাল আৰু তেওঁৰ সহযোগীসকলক গ্রেপ্তাৰৰ পাছত ভবা ধৰণে পৰিৱর্তন নাহিল আয়োগৰ কাম–কাজলৈ৷ বৰঞ্চ নিত্য নতুন খাম–খেয়ালিৰে বিতর্কৰ আৱর্তত সোমাই পৰিল অসম লোকসেৱা আয়োগ৷ শেহতীয়াকৈ অসম বিত্ত সেৱাৰ প্রথম শ্রেণী আৰু তৃতীয় গ্রেডৰ কেডাৰৰ নিযুক্তিৰ বাবে অনুষ্ঠিত পৰীক্ষাত ব্যাপক খাম–খেয়ালি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ এই পদসমূহৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ কাট অফ নম্বৰতকৈ অধিক নম্বৰ লাভ কৰা সত্ত্বেও মেধাৰ তালিকাত যোগ্য প্রার্থীৰ নাম সন্নিৱিষ্ট নোহোৱাত আয়োগৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰুজু হৈছে গোচৰ৷ হিমাংশুজ্যোতি নাথ নামৰ প্রার্থীগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে ৮৮৬/২০২১ নম্বৰৰ লেখ আবেদন৷ আবেদনকাৰীয়ে দাখিল কৰা লেখ আবেদনখনত উল্লেখ কৰা অনুসৰি ২০১৮ চনৰ ৩০ জুলাইত লোকসেৱা আয়োগে বিত্ত সেৱাৰ পদসমূহৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ ইয়াৰ ভিত্তিত ২০১৯ বর্ষৰ ২০ জানুৱাৰী আৰু ২৭ জানুৱাৰীত লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল৷ এই দুয়োটা পৰীক্ষাত উত্তীর্ণ হোৱাৰ বাবে নাথক যোৱা ১৬ ছেপ্টেম্বৰত মৌখিক সাক্ষাৎকাৰৰ বাবে মতা হৈছিল৷
অৱশ্যে ২৮ ছেপ্টেম্বৰত ঘোষণা কৰা ফলাফলৰ চূড়ান্ত তালিকাত প্রার্থীজনৰ নাম সন্নিৱিষ্ট নহ’ল৷ পৰৱর্তী সময়ত তেওঁ এই পৰীক্ষাৰ বিভিন্ন তথ্য বিচাৰি আয়োগত আবেদন দাখিল কৰিছিল৷ কিন্তু আয়োগে উচ্চতম ন্যায়ালয়ৰ দোহাই দি তেওঁক তথ্য প্রদানৰ পৰা বিৰত থাকে৷ ইয়াৰ বিপৰীতে যোৱা ২৮ জানুৱাৰীত অসম লোকসেৱা আয়োগে অসম বিত্ত সেৱাৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ প্রার্থীসকলে লাভ কৰা নম্বৰৰ তালিকা আৰু যোগ্য হিচাপে বিবেচনা কৰা কাট অফ নম্বৰৰ তালিকা ৱেবছাইটযোগে প্রকাশ কৰে৷ এই তালিকাত উল্লেখ কৰা অনুসৰি অন্যান্য পিছপৰা আৰু অতি পিছপৰা শ্রেণীৰ বাবে কাট অফ নম্বৰ হৈছে ১৯২৷ আনহাতে, বঞ্চিত প্রার্থীগৰাকীয়ে মুঠ নম্বৰ লাভ কৰিছে ২৫০.৫৷ তৎসত্ত্বেও তেওঁ মেধাৰ তালিকাত অন্তভুক্ত নোহোৱা বাবে এ পি এছ চিৰ অধ্যক্ষক অভিযোগ দাখিল কৰে৷ কিন্তু এইক্ষেত্রত তেওঁ কোনো সঁহাৰি লাভ নকৰিলে৷ সেয়েহে অৱশেষত বঞ্চিত প্রার্থীগৰাকী দ্বাৰস্থ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷