নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামাখ্যাত ৭.৬২ কোটি টকাৰ অপব্যৱহাৰ; তদন্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ দেশৰ অন্যতম জাগ্রত শক্তিপীঠ কামাখ্যা দেৱালয়ৰ বৃহৎ পৰিমাণৰ ধনৰ অপব্যৱহাৰ হোৱাৰ গুৰুতৰ তথ্য উন্মোচিত হৈছে উচ্চতম ন্যায়ালয়ৰ মজিয়াত৷ ২০১১ চনৰ ২১ নৱেম্বৰৰ পৰা কামাখ্যা দেৱালয়ৰ প্রায় ৭.৬২ কোটি টকা দেৱোত্তৰ ব’র্ডে অপব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে৷

চি আই ডিয়ে দাখিল কৰা এক প্রতিবেদনৰ ভিত্তিত পোহৰলৈ অহা বৃহৎ পৰিমাণৰ ধনৰ অপব্যৱহাৰ সন্দর্ভত তিনি মাহৰ ভিতৰত তদন্ত কৰিবলৈ চি আই ডিক নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷

কামাখ্যা দেৱালয়ৰ বৰদেউৰী সমাজে তৰা এটা গোচৰৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে যোৱা ৩১ জানুৱাৰীত এই নির্দেশনা জাৰি কৰে৷ লগতে ১৪ মে’ৰ পূর্বে তদন্ত প্রতিবেদন দাখিল কৰিবলৈও উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে নির্দেশনা দিয়ে৷

উল্লেখ্য যে চি আই ডিৰ অতিৰিক্ত সঞ্চালকপ্রধানে যোৱা ৮ জানুৱাৰীত দাখিল কৰা প্রতিবেদন অনুসৰি ২টা একাউণ্টৰ জৰিয়তে মুঠ ৭,৬২,০৩,৪৯৮ টকা দেৱোত্তৰ ব’র্ডে উলিয়াই নিছিল৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশনা ভংগ কৰি উপায়ুক্তক নজনোৱাকৈ ইউকো বেংক আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ একাউণ্টৰ পৰা দেৱোত্তৰ ব’র্ডে এই ধনৰাশি উলিয়াই নিছিল৷

ইপিনে, তদন্তৰ সময়ত দেৱোত্তৰ ব’ডৰ বিষয়াসকলে তদন্তৰ সময়ত সহযোগিতা নকৰা বুলি চি আই ডিয়ে অভিযোগ কৰিছে৷ একে সময়তে বিষয়ববীয়াসকলে তদন্তৰ সময়ত বিভিন্ন গুৰুত্বপূর্ণ তথ্য লুকুৱাই ৰাখিছিল৷ যাৰ বাবে তাৎক্ষণিকভাৱে এটা গোচৰ ৰুজু কৰি তদন্তৰ নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷

You might also like