নিয়মীয়া বার্তা, ৫ মার্চঃ গঁড় সংৰক্ষণ বিষয়ক লৈ নির্মাণ হ’বলগীয়া এখন তথ্যচিত্রৰ দৃশ্যগ্রহণৰ বাবে সপ্তাহজোৰা ভ্রমণসূচীৰে বুধবাৰে কাজিৰঙাত উপস্থিত হয় ইংলেণ্ডৰ প্রাক্তন তাৰকা ক্রিকেটাৰ কেভিন পিটাৰছেন ৷ তথ্যচিত্রখনৰ দৃশ্যগ্রহণ কাজিৰঙাৰ বিভিন্ন স্থানত কৰা হ’ব আৰু ইয়াত পিটাৰছেনেও অংশ ল’ব ৷ বুধবাৰে দুপৰীয়া কাজিৰঙাৰ দুৱাৰমুখ জখলাবন্ধাৰ নতুনদাংগাৰ কার্বি সম্প্রদায়ৰ থলুৱা খাদ্যৰ থলী চোৰান এহেমত থলুৱা খাদ্যৰ জুতি লয় প্রাক্তন তাৰকা ক্রিকেটাৰগৰাকীয়ে ৷ কার্বি জনগোষ্ঠীৰ পৰম্পৰাগতভাৱে ৰন্ধা চুঙাৰ ভাত, চুঙাত তিলৰ সৈতে ৰন্ধা কুকুৰা মাংস, কলডিলৰ সৈতে শুকান মাছৰ পিটিকা, কেঁচা হালধিৰ চাটনি, আলু পিটিকাৰ লগতে অন্যান্য থলুৱা সোৱাদেৰে দুপৰীয়াৰ আহাৰ গ্রহণ কৰে কেভিন পিটাৰছেনে ৷ তেওঁ কার্বি জনগোষ্ঠীৰ আহাৰ গ্রহণ কৰি অভিভূত হৈ পৰে ৷
ইয়াৰ উপৰি নতুন দংগা অঞ্চলত কার্বি জনগোষ্ঠীৰ প্রাকৃতিক পৰিৱেশ আৰু তেওঁলোকৰ ঘৰ–দুৱাৰ দেখি পুলকিত হৈ পৰে ৷ ইয়াৰ পূর্বে তাৰকা খেলুৱৈগৰাকী আৰু দলটোক কার্বি জনগোষ্ঠীৰ পৰম্পৰাগত নিয়মেৰে আদৰণি জনায় নতুনদাংগাৰ কার্বি সম্প্রদায়ৰ লোকসকলে ৷ দলটোক সংগ দিয়ে অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগৰ লগতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ আৰু বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়া প্রদীপ গোস্বামীয়ে ৷ ইয়াৰ পাছতেই গঁড় সংৰক্ষণ বিষয়ক তথ্যচিত্রৰ দৃশ্যগ্রহণৰ বাবে সপ্তাহজোৰা কার্যসূচীৰে কাজিৰঙালৈ ৰাওনা হয় ৷ বিশ্ব গঁড় সংৰক্ষণৰ সজাগতাৰ বাবে নির্মাণ কৰা ‘ছেভ দ্য ৰাইনো’ নামৰ এই তথ্যচিত্রৰ প্রথম পর্যায়ৰ দৃশ্যগ্রহণ আফ্রিকাত সম্পূর্ণ কৰাৰ পাছত দ্বিতীয় পর্যায়ৰ দৃশ্যগ্রহণ কাজিৰঙাত সম্পন্ন কৰিব কেভিন পিটাৰছনে ৷ তথ্যচিত্রখনৰ দৃশ্যগ্রহণৰ বাবে ইতিমধ্যে কাজিৰঙাৰ বিভিন্ন স্থান নির্বাচন কৰি সাজু কৰি তোলা হৈছে ৷ বন বিভাগ আৰু স্থানীয় প্রশাসনৰ সৈতে যোগাযোগ কৰি নিৰাপত্তা আৰু যাৱতীয় কার্যও সম্পূর্ণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ কাজিৰঙাৰ কাষৰীয়া ধোবাআটি বেলগুৰি গাঁও, পাণবাৰী গাঁও, ডিফলুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়, বন শিবিৰ আৰু পাণবাৰীত থকা বন্যপ্রাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্রৰ লগতে বিভিন্ন স্থানত কেভিন পিটাৰছেনৰ তথ্যচিত্রৰ দৃশ্যগ্রহণ কৰা হ’ব ৷ প্রায়বোৰ দৃশ্যগ্রহণস্থলীতে হলীউডৰ অভিনেত্রী ৰাকুল প্রীতি কৌৰ আৰু কেভিন পিটাৰছেন উপস্থিত থাকিব ৷