নিয়মীয়া বার্তা, ১৯ এপ্রিলঃ বোকাখাত আৰক্ষীয়ে ২০১৮ চনত ৰুজু কৰা এটা পুৰণি গোচৰৰ ভিত্তিত যোৱা ৭ এপ্রিলত গ্রেপ্তাৰ কৰি জে’ল হাজোতলৈ প্রেৰণ কৰাৰ পাছত শনিবাৰে জামিনত দুই কৃষক নেতা সোণেশ্বৰ নৰহ আৰু প্রণৱ দলে মুকলি আকাশৰ তললৈ ওলাই আহে ৷ জে’লৰ পৰা ওলায়েই কৃষক নেতাদ্বয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বোকাখাতৰ একাংশ বিষয়া–কর্মচাৰীৰ ছত্রছায়াত কাজিৰঙা সমবায় সমিতি লিমিটেডৰ প্রায় ৯শ কুইণ্টল চাউল হৰলুকি হয় ৷ দেশত মাৰাত্মক ক’ৰোনাৰ আতংক আৰু লকডাউনৰ সময়ত দুখীয়া ৰাইজক চৰকাৰীভাৱে প্রদান কৰিবলগীয়া চাউল হৰলুকিৰ ঘটনাৰ উপযুক্ত তদন্তৰ দাবী জনাই বোকাখাতৰ জীপাল কৃষক–শ্রমিক সংঘই যোৱা ৬ এপ্রিলত বোকাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ বাবে গুচৰীয়া পক্ষৰ ভাষ্য ল’বলৈ জীপাল কৃষক–শ্রমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহ আৰু সম্পাদক প্রণৱ দলেক ৭ এপ্রিলত বোকাখাত আৰক্ষীয়ে থানালৈ মাতি আনে ৷ ইয়াৰ পাছতে দুয়োকে এটা পুৰণা গোচৰৰ অজুহাত দেখুৱাই বোকাখাত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৷
দুই কৃষক নেতাই লগতে জনোৱা মতে, ২০১৮ বর্ষত ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবে সংঘটিত এক পথ দুর্ঘটনাত এটি কণমানিৰ মৃত্যু হোৱাৰ বাবে ৰাইজে উচিত ক্ষতিপূৰণ তথা ঘটনাৰ দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবীত প্রতিবাদ কৰিছিল ৷ উক্ত প্রতিবাদত বোকাখাতৰ জীপাল কৃষক–শ্রমিক সংঘয়ো ৰাইজৰ ন্যায্য দাবীত চামিল হয় ৷ সেই বিষয়টোকে বোকাখাত আৰক্ষীৰ এগৰাকী বিষয়াই চৰকাৰী কামত বাধা দিয়া বুলি এটা গোচৰ ৰুজু কৰে ৷ উক্ত গোচৰটো সন্দর্ভত কোনো ধৰণৰ চমন নিদিয়াকৈ থানালৈ মাতি আনি ২০১৮ বর্ষৰ গোচৰটোত গ্রেপ্তাৰ কৰাৰ অন্তৰালত এক ষড়যন্ত্র লুকাই আছে বুলি সদৰী কৰে ৷ ইপিনে, চৰকাৰী চাউল হৰলুকিৰ ঘটনাৰ উচিত তদন্ত কৰিলে বহু প্রভাৱশালী লোকৰ মুখা খোল খোৱাৰ আশংকতেই ষডযন্ত্রমূলকভাৱে তেওঁলোকক গ্রেপ্তাৰ কৰা হয় বুলি কৃষক নেতাদ্বয়ে স্পষ্টকৈ জনায় ৷ তদুপৰি জীপাল কৃষক–শ্রমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহ আৰু সম্পাদক প্রণৱ দলেই জনোৱা মতে, কাজিৰঙা সমবায়ৰ সম্পাদক আৰু গুদাম ৰক্ষকক ইতিমধ্যে গ্রেপ্তাৰ কৰিছে যদিও যোগান পৰিদর্শকজনকো তদন্তৰ আওতালৈ আনি গ্রেপ্তাৰ কৰিবলৈ দাবী জনায় ৷