নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ৰ বিৰুদ্ধে আইনী যুঁজঃ মেৰবিলত ৮০ খন গাঁৱৰ ৰাইজে আছুক আগবঢ়ালে ৬৪৫ বস্তা ধান

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ চাচনীৰ মেৰবিল খেলপথাৰত শনিবাৰে বিশাল ‘কা’বিৰোধী সমাৱেশত হাজাৰ হাজাৰ লোকে অংশগ্রহণ কৰে৷ ডিব্রুগড জিলাৰ ভিতৰতে বৃহত্তৰ মৌজা বুলি পৰিচিত চাচনী মৌজাৰ ৰাইজৰ সহযোগত আছুৰ উদ্যোগত আয়োজিত ‘সিংহনাদ’ নামৰ এই ‘কা’বিৰোধী প্রতিবাদত অংশগ্রহণ কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে৷

মেৰবিলৰ সভাত উপস্থিত হৈ লুৰিণজ্যোতি গগৈয়ে নিজৰ ভাষণত শ্বহীদসকললৈ শ্রদ্ধা জনাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাক আক্রমণৰ লক্ষ্য কৰি লয়৷ আছু নেতাগৰাকীৰ স্পষ্ট অভিযোগ– শ্বহীদৰ ত্যাগৰ মূল্য দিব নাজানে আছুৰ মজিয়াৰ পৰা যোৱা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ যাৰ বাবে এতিয়া ধর্মৰ আধাৰত অসমত বিদেশী সংস্থাপন কৰিবলৈ ষড়যন্ত্রত নামিছে সোণোৱালে৷ দিছপুৰৰ চৰকাৰখন মোদী–শ্বাহৰ আজ্ঞাবাহী হ’লেও অসমৰ ৰাইজ মোদী–শ্বাহৰ ওচৰত দায়বদ্ধ নহয় বুলি ব্যক্ত কৰি লুৰিণজ্যোতিয়ে কয়– ‘স্বাভিমানী অসমীয়াই নিজৰ আত্মপৰিচয় কেতিয়াও হেৰুৱাব নিবিচাৰে৷ তাৰ কাৰণে শাসক পক্ষৰ সকলো ধৰণৰ ষড়যন্ত্র ওফৰাই সংগ্রাম চলিবই৷’

ইফালে, কালিৰ এই সভাতে আছুৰ নেতৃত্বক গতাই দিয়া হয় চাচনী মৌজাত সংগৃহীত ধানৰ ৬৪৫টা বস্তা৷ উল্লেখ্য যে ‘কা’বিৰোধী ন্যায়িক যুঁজখনত আর্থিক সহায় হিচাপে আগবঢ়াবৰ কাৰণে প্রায় ৮০খন গাঁওসমৃদ্ধ চাচনী মৌজাৰ প্রতিঘৰৰ পৰা সংগ্রহ কৰা হৈছিল এদোনকৈ (প্রায় চাৰি কেজি) ধান৷ ৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অভিযানত তিনি লক্ষাধিক টকা মূল্যৰ ধান সংগ্রহ হয়৷ ‘কা’বিৰোধী আন্দোলনত খিলঞ্জীয়া ৰাইজৰ এনে সঁহাৰি প্রত্যক্ষ কৰিয়ে লুৰিণজ্যোতি গগৈয়ে অসমবাসীক আহ্বান জনায় চাচনীৰ ৰাইজৰ ভূমিকা অনুসৰণ কৰিবলৈ৷

You might also like