এপেক্স কাউন্সিল সিদ্ধান্ত : ৰঞ্জি ট্রফীৰ ফর্মেট সলনি, মুস্তাক আলীত ছুপাৰ লীগ
ক্রিকেট ব’ৰ্ডৰ এপেক্স কাউঞ্চিলৰ বৈঠকত গুৰুত্বপূর্ণ সিদ্ধান্ত
নিউজ ডেস্ক, ১৬ জুন : ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ এপেক্স কাউন্সিল-ৰ বৈঠকত কিছু গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷
বৈঠকত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি ৰঞ্জি ট্রফী আৰু ছৈয়দ মুস্তাক আলী ট্রফীৰ ফৰ্মেটো কিছু সলনি হ’ব৷
সেই অনুসৰি ৰঞ্জি ট্রফী অনুষ্ঠিত হ’ব দুটা ভাগত৷ ৰঞ্জিৰ প্রথম পর্ব ১৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব আৰু ১৯ নৱেম্বৰত সামৰণি পৰিব৷
আনহাতে দ্বিতীয় পর্বৰ খেল ২২ জানুৱাৰীৰ পৰা ১ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হ’ব৷ নকআউট অনুষ্ঠিত হ’ব ৬–২৮ ফেব্রুৱাৰীলৈ৷ ব’ৰ্ডৰ কর্মকর্তাসকলৰ মতে ৰঞ্জি দুটা ভাগত অনুষ্ঠিত কৰিলে খেলুৱৈসকলৰ ওপৰত ছাপ বহু পৰিমাণে হ্রাস পাব৷
ৰঞ্জিৰ দুই পর্বৰ মাজতে আয়োজন কৰা হ’ব মুস্তাক আলী ট্রফী আৰু বিজয় হাজাৰে ট্রফী৷ মুস্তাক আলী আৰু মহিলাৰ টি–২০ প্রতিযোগিতা অনুষ্ঠিত হ’ব ছুপাৰ লীগ ফৰ্মেটত৷
অর্থাৎ প্রতিটো দলে লীগ পর্যায়ত তিনিখনকৈ মেচ খেলাৰ সুযোগ পাব৷ গ্রুপ ‘এ’ আৰু গ্রুপ ‘বি’ৰ শীর্ষত থকা দুই দল ফাইনেলত মুখামুখি হ’ব৷ প্রতিযোগিতাখন অধিক উত্তেজনাপূর্ণ কৰিবৰ বাবে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷
গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত অহা বছৰৰ জানুৱাৰীত অনুষ্ঠিত হ’ব এখন টি–২০ মেচ৷ ভাৰত ভ্রমণলৈ আহিবলগীয়া নিউজিলেণ্ডৰ বিপক্ষে অনুষ্ঠিত হ’বলগীয়া টি–২০ শৃংখলাৰ তৃতীয়খন মেচ বর্ষাপাৰাত অনুষ্ঠিত হ’ব৷
এই বৈঠকত ভাৰত আৰু নিউজিলেণ্ডৰ শৃংখলাৰ সূচীও ঘোষণা কৰা হয়৷ সেই অনুসৰি টি–২০ শৃংখলাৰ তৃতীয়খন টি–২০ মেচ গুৱাহাটীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷
২১ জানুৱাৰীত নাগপুৰত প্রথমখন টি–২০ মেচ, ৰাঁছীত ২৩ জানুৱাৰীত দ্বিতীয়খন মেচ, ২৫ জানুৱাৰীত গুৱাহাটীত তৃতীয়খন, ২৮ জানুৱাৰীত বিশাখাপট্টনমত চতুর্থখন আৰু ৩১ জানুৱাৰীত তিৰুৱন্তপুৰমত পঞ্চমখন টি–২০ মেচ অনুষ্ঠিত হ’ব৷
বৈঠকৰ সিদ্ধান্ত অনুসৰি এদিনীয়া মেচ সমূহ অনুষ্ঠিত হ’ব ক্রমে ১১ জানুৱাৰীত হায়দৰাবাদত, ১৪ জানুৱাৰীত ৰাজকোটত আৰু ১৮ জানুৱাৰীত ইণ্ডোৰত৷