নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ বিৰোধী প্ৰতিবাদৰ মাজতে আজি বিজেপিৰ শক্তি প্ৰদৰ্শনৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ৰাজ্যজুৰি অব্যাহত থকা কা বিৰোধী আন্দোলনৰ মাজতে শক্তি প্ৰদৰ্শনৰ বাবে সাজু হৈছে শাসকীয় বিজেপি । আজি মহানগৰীৰ খানাপাৰাত ৰাজ্যিক বিজেপিৰ ৰাজনৈতিক ইতিহাসত সৰ্ববৃহত সাংগঠনিক সভা অনুষ্ঠিত হ’ব । মুখ্যতঃ ২০২০ চনৰ বাবে প্ৰস্তুত কৰা বিৰামহীন সাংগঠনিক কাৰ্যক্ৰমণিকাৰ বিষয়ে বুথ পৰ্যায়ৰ দলীয় কাৰ্যকৰ্তাক আনুষ্ঠানিকভাৱে জনাবলৈ আয়োজন কৰা এই সন্মিলনত উপস্থিত থাকিব দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জেপি নাড্ডা , ৰাষ্ট্রীয় সাধাৰণ সম্পাদক ৰাম মাধৱ, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ‘নেডা’ৰ আহ্বায়ক তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্রী, বিধায়ক আৰু ৰাজ্যৰ সাংসদসকল ৷ এই বৃহৎ সন্মিলনৰ প্রস্তুতি সন্দর্ভত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়া মতে, দলৰ বুথ সভাপতি, নির্বাচিত পঞ্চায়ত প্রতিনিধি, বুথৰ প্রাক্তন সভাপতিসকল, জিলা সভাপতিসকল, জিলাৰ প্রাক্তন সভাপতিসকল, মহিলা মর্চাৰ সভানেত্রীসকল, যুৱ মর্চাৰ সভাপতিসকলক লৈ অনুষ্ঠিত হ’বলগা কাইলৈৰ বিশাল সাংগঠনিক সভাত ৭০ হাজাৰৰ পৰা ৯০ হাজাৰ বিজেপিৰ কার্যকর্তা উপস্থিত থাকিব ৷

ইতিমধ্যে প্রতিটো সমষ্টিৰ পৰা এই সন্মিলনত উপস্থিত থাকিবলৈ কার্যকর্তাসকলে যাত্রা আৰম্ভ কৰিছে ৷ এই সন্মিলনৰ পাছতেই অহা ৭ জানুৱাৰীত বিশ্বনাথ চাৰিআলিত আন এক বৃহৎ বিকাশ সমদল উলিওৱা হ’ব ৷ আনহাতে, ৮ জানুৱাৰীত ধেমাজিত এক লাখ কার্যকর্তাৰ উপস্থিতিত ঐক্য সমদল উলিওৱা হ’ব ৷ মন কৰিবলগীয়া যে ‘কা’বিৰোধী প্রতিবাদৰ সমান্তৰালকৈ বিজেপিয়ে শান্তি সমদলেৰে দলীয় কার্যকর্তাসকলক একত্রিত কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে কাইলৈ ৰাষ্ট্রীয় কার্যকৰী সভাপতি জে পি নাড্ডাৰ উপস্থিতিত অনুষ্ঠিত হ’বলগা এই সন্মিলনৰ জৰিয়তে দলে ২০২১ চনৰ নির্বাচনৰ বাবে আগতীয়াকৈ প্রস্তুতি যে আৰম্ভ কৰিছে, সেয়া স্পষ্ট হৈ পৰিছে৷ ইফালে, দলৰ মুখমাত্র পৱিত্র মার্ঘেৰিটাই এক বিবৃতিযোগে জানিবলৈ দিয়া মতে, কাইলৈৰ সন্মিলত সমগ্র অসমৰ প্রায় ২৮ হাজাৰ বুথৰ পৰা সদ্যদায়িত্বমুক্ত আৰু বর্তমানৰ ৫৬ হাজাৰগৰাকী বুথ সভাপতি, যুৱ মর্চাৰ ১৫ হাজাৰ বুথ বাহিনীৰ সভাপতি, মহিলা মর্চাৰ বুথ বাহিনীৰ ১০ হাজাৰগৰাকী সভানেত্রী, ১৪ হাজাৰগৰাকী পঞ্চায়ত নির্বাচিত প্রতিনিধি, পৌৰসভা তথা স্বায়ত্তশাসিত পৰিষদসমূহৰ নির্বাচিত পাৰিষদসকল, জিলা আৰু ৰাজ্যিক কমিটীৰ কার্যকর্তাৰ লগতে ৪০০টা মণ্ডলৰ সভাপতি আৰু সদ্যদায়িত্বমুক্ত সভাপতিসকলৰ লগতে বিধায়ক, সাংসদ, নিগমৰ অধ্যক্ষ–উপাধ্যক্ষসক্ এই সন্মিলনত উপস্থিত থাকিব ৷

You might also like