নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ পৰৱৰ্তী কাৰ্যসূচী ? কি ক’লে ড০ সমুজ্জ্বল ভট্টাচার্যই…

-প্ৰণৱ জ্যোতি মহন্ত

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ “ল’ৰা-ছোৱালীয়ে আন্দোলনো কৰিব আৰু সমান্তৰালকৈ পঢ়া শুনাও কৰিব, লগতে শিল্পীসমাজে নিজৰ সৃষ্টিও কৰিব আৰু আন্দোলনো কৰিব ।” -আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য ।

ৰাজ্যত শাম কটা নাই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে সৃষ্টি হোৱা গণজাগৰণৰ । সদৌ অসম ছাত্ৰ সন্থাই মহানগৰীত ৰূপায়ণ কৰা গণ সত্যাগ্রহ কার্যসূচীৰ বুধবাৰে অন্ত পৰে । পিচে ইয়াৰ পিছত কি কি পদক্ষেপ ল’ব বা কি কি কাৰ্যসূচী আছুৱে গ্ৰহণ কৰিব সেই সম্পৰ্কে ঘোষণা কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই ।

সেই অনুসৰি ২১ ডিচেম্বৰত সমগ্র ৰাজ্যত আছুৰ আহ্বানত মহিলাসকলৰ ধর্মঘট কার্যসূচী ৰূপায়ণ কৰা হ’ব ৷ মহানগৰীৰ লতাশিল খেলপথাৰত এই কার্যসূচী গ্রহণ কৰা হ’ব ৷

২২ ডিচেম্বৰত ‘কা’বিৰোধী আন্দোলনৰ শ্বহীদ ছেম ষ্টেফর্ডৰ আদ্যশ্রাদ্ধৰ দিন হোৱা বাবে সেইদিনা প্রতিবাদী কার্যসূচী স্থগিত ৰখা হৈছে ৷

২৩ ডিচেম্বৰত জ্যেষ্ঠ নাগৰিকসকলৰ ৰাজ্যজোৰা অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰা হ’ব ৷

ইয়াৰ পিছত ২৪, ২৬ আৰু ২৮ ডিচেম্বৰত সদৌ অসম ছাত্র সন্থাৰ প্রতিখন আঞ্চলিক সমিতিয়ে বিক্ষোভ প্রদর্শন কৰিব ৷

You might also like