নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুল শইকীয়া সাহিত্য সভাৰ সভাপতি; মৃণালিনী দেৱী উপ-সভাপতি নিৰ্বাচিত

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ বিশিষ্ট গল্পকাৰ, ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া অসম সাহিত্য সভাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে । অসম সাহিত্য সভাৰ আগন্তুক শুৱালকুছি অধিৱেশনত সভাপতিত্ব কৰিব শইকীয়াই ।

বৃহস্পতিবাৰে হোজাইৰ বাণীকান্ত কাকতি ক্ষেত্ৰৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত অসম সাহিত্য সভাৰ চলিত কাৰ্ষকালৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাত অনুষ্ঠিত ভোটগণনাত সাহিত্য সভাৰ পৰৱর্তী সভাপতি, উপ–সভাপতি আৰু প্রধান সম্পাদকৰ নাম ঘোষিত হয়৷ নির্বাচনী বিষয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা বিজন মহাজনে সাহিত্য সভাৰ পৰৱর্তী কার্যকালৰ শীর্ষ বিষয়ববীয়াৰ বাবে হোৱা নির্বাচনৰ ফলাফল ঘোষণা কৰে৷

সেই অনুসৰি কুলধৰ শইকীয়া সভাপতি, বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱী উপ–সভাপতি আৰু যাদৱ শর্মা প্রধান সম্পাদক ৰূপে নির্বাচিত হয়৷ সাহিত্য সভাৰ সভাপতি পদৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা সাতগৰাকী প্রার্থীৰ ভিতৰত কুলধৰ শইকীয়াই ২৬৯, সূর্য হাজৰিকাই ৭৪, প্রহ্লাদ চন্দ্র তাছাই ৮৮, ড০ বসন্ত কুমাৰ গোস্বামীয়ে ৪৬, ড০ কৰবী ডেকা হাজৰিকাই ৭৫, ড০ জয়শ্রী গোস্বামী মহন্তই ৬৭টা ভোট লাভ কৰাৰ বিপৰীতে পখিলা কলিতাই এটাও ভোট লাভ নকৰিলে৷ আনহাতে, উপ–সভাপতি ৰূপে নির্বাচিত মৃণালিনী দেৱীয়ে ৩০৮টা ভোট লাভ কৰাৰ বিপৰীতে ড০ বসন্ত কুমাৰ শর্মাই ১৫২টা, পদুমী গগৈয়ে ৯৬টা আৰু ৰতিমোহন নাথে ৬৩টা ভোট লাভ কৰে৷ প্রধান সম্পাদক ৰূপে নির্বাচিত যাদৱ চন্দ্র শর্মাই ৩২৩টা ভোট লাভ কৰাৰ বিপৰীতে দেৱজিৎ বৰাই ২৫৫টা আৰু হৰেন্দ্র কলিতাই ৩৬টা ভোট লাভ কৰে৷

You might also like