নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুহুমফুলা বিলত জাকৈ-খালৈ আৰু এজাক মানুহ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ বুধবাৰে পুৱাই গোৱালপাৰা জিলাৰ দুধনৈত দেখা গ’ল এক নান্দনিক দৃশ্য । হাজাৰ হাজাৰ পুৰুষ- মহিলাই জাকৈ-খালৈ আৰু জাল লৈ নামি পৰিছে বিলত । পৰম্পৰাগত ভাৱে প্ৰতিবছৰেই এইদৰেই এইসকল লোকে সমূহীয়া ভাৱে মৎস্য চিকাৰ কৰি আহিছে কুহুমফুলা বিলত । কামৰূপ আৰু গোৱালপাৰাৰ লগতে চুবুৰীয়া মেঘালয় ৰাজ্যৰ পৰাও কুহুমফুলাত মাছ মাৰিবলৈ আহিছে অসংখ্য লোক ।

প্ৰতিবছৰেই ফাগুণ মাহৰ প্ৰথম সপ্তাহত এনেদৰেই সমূহীয়া মাছ ধৰা উৎসৱ পালন কৰি আহিছে এইসকল লোকে । আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি এইবাৰ প্ৰায় ৬ হাজাৰ লোকে অংশগ্ৰহণ কৰিছে এই উৎসৱত । মৌজাৰ উন্নয়নৰ বাবে সামান্য পৰিমাণৰ অৰিহণাৰ বিনিময়ত মাছ মাৰিবলৈ দিয়া বুলি জানিবলৈ দিছে আয়োজক সমিতিয়ে । ইতিমধ্যে প্ৰতিগৰাকী মাছমৰীয়াই বৰালি, ৰৌৰ লগতে ভিন্ন প্ৰজাতিৰ মাছ ধৰি ঘৰমুৱা হোৱা দেখা গৈছে ।

You might also like