নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিভাগৰ নজীৰবিহীন কাণ্ডঃ আদালতৰ ৰায় উলংঘা কৰি ঠিকা আবণ্টন কৃষি বিভাগৰ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল: কৃষি বিভাগত ঠিকা আবণ্টনৰ নামত চলা অনিয়ম আৰু স্বজন–তোষণৰ আন এটা ক’লা অধ্যায় উন্মোচিত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ মন পছন্দৰ ঠিকাদাৰক কোটি কোটি টকাৰ ঠিকা আবণ্টন দিয়াৰ বাবে বিভাগটোত ইমানেই খৰখেদা কৰা হ’ল যে আদালতৰ নির্দেশ উলংঘা কৰিবলৈও কুণ্ঠাবোধ নকৰিলে৷ বিভাগটোৰ সঞ্চালক অনন্ত জ্ঞানীয়ে উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ অমান্য কৰি ঠিকা আবণ্টন দিয়া কার্যই আদালত অৱমাননাৰ এটা নজীৰবিহীন ঘটনা হিচাপে বিৱেচিত হৈছে৷ কৃষি সঞ্চালকজনৰ এই কার্যত উচ্চ ন্যায়ালয় ক্ষুব্ধ হৈ পৰিছে৷ ঠিকা আবণ্টনক লৈ ৰুজু হোৱা এটা গোচৰৰ শুনানিৰ সময়ত কালি সোঁশৰীৰে আদালতৰ মজিয়াত উপস্থিত থকা কৃষি সঞ্চালকজনক এখন এজনীয়া বিচাৰপীঠে কঠোৰ ভাষাৰে ভর্ৎসনা কৰে৷ কেৱল ভর্ৎসনা কৰাই নহয়, তেওঁৰ বিৰুদ্ধে আদালতে কিয় আদালত অৱমাননাৰ গোচৰ ৰুজু নকৰিব সেই সন্দর্ভত কৈফিয়ৎসহ এসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈও নির্দেশ দিছে৷ সামঞ্জস্যহীন কথাৰে আদালতৰ মজিয়াত ক্ষমা খুজি দায় সাৰিবলৈ চেষ্টা কৰা জ্ঞানীৰ কার্যত ক্ষুব্ধ হৈ পৰা বিচাৰপীঠখনে এই ভুলৰ বাবে গুৰুতৰ পৰিনামৰ সন্মুখীন হ’ব লাগিব বুলিও সকীয়াই দিছে৷ ই–মেইলযোগে লাভ কৰা নির্দেশনাৰ প্রতিলিপি তথা বিভাগীয় সামঞ্জস্য নথকাৰ বাবে এনে ভুল হ’বলৈ পালে বুলি বাৰম্বাৰ আদালতৰ মজিয়াত প্রকাশ কৰিবলৈ চেষ্টা কৰে৷ ইয়াতে ক্ষুব্ধ হৈ পৰা বিচাৰপতিগৰাকীয়ে কৃষি সঞ্চালকজনক এইবুলিও প্রশ্ণ কৰে– আপুনি ইংৰাজী বুজি পাবলৈ কঠিন পায় নেকি? ইয়াৰ উত্তৰত জ্ঞানীয়ে কয় যে তেওঁ সঠিকভাৱে ইংৰাজী বুজি পায়৷ লগে লগে বিচাৰপতিগৰাকীয়ে তেওঁক উদ্দেশ্যি কয়– ‘তেতিয়াহ’লে এটা সাধাৰণ ভাষাত লিখা নির্দেশনা বুজি পোৱাত কি কঠিনতা আছিল৷’ উল্লেখ্য যে বিশ্ব বেংকৰ এটা পুঁজিৰ প্রকল্পৰ অধীনত সামগ্রী যোগানৰ নিবিদা আহ্বান কৰা হৈছিল৷ যোৱা জানুৱাৰী মাহত প্রকাশ কৰা নিবিদাৰ জাননীত কেতবোৰ কঠিন চর্ত আৰোপ কৰা হৈছিল৷ বিশেষকৈ নিবিদাত অংশগ্রহণকাৰী প্রতিষ্ঠানৰ টার্ন অভাৰ চাৰি কোটি অথবা তাতকৈ অধিক হ’ব লাগিব বুলি চর্ত আৰোপ কৰিছিল৷ ইয়াৰ পৰিপ্রেক্ষিতত একাংশ ঠিকাদাৰ নিবিদা প্রক্রিয়াত অংশগ্রহণৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ লগে লগে তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আবেদনৰ জৰিয়তে কৃষি বিভাগে জাৰি কৰা জাননীক প্রত্যাহ্বান জনায়৷ সেই আবেদনখনৰ শুনানি গ্রহণ কৰি আদালতে কৃষি বিভাগক নিবিদা গ্রহণৰ অনুমতি দিছিল যদিও আদালতত চূড়ান্ত সিদ্ধান্ত নোহোৱা পর্যন্ত কামৰ আবণ্টনত স্থগিতাদেশ জাৰি কৰে৷ কিন্তু আদালতৰ এই স্থগিতাদেশ অমান্য কৰি অনন্ত জ্ঞানীয়ে যোৱা ৬ এপ্রিলত সামগ্রী যোগানৰ ঠিকাৰ কাম একাংশ ঠিকাদাৰক আবণ্টন দিয়ে৷ কৃষি সঞ্চালকজনৰ এই কার্যত ক্ষুব্ধ হৈ পৰা ঠিকাদাৰে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ ইয়াৰ ভিত্তিত আৰম্ভ কৰা শুনানিৰ সময়ত কালি এজনীয়া বিচাৰপীঠখনে অনন্ত জ্ঞানীৰ এই কার্যত ক্ষুব্ধ হৈ পৰাৰ লগতে তেওঁক ভর্ৎসনা কৰে৷ শুনানিৰ সময়ত পোহৰলৈ অহা অনুসৰি ৬ এপ্রিলৰ বিয়লি ৫.৪ বজাত বিশ্ব বেংকৰ পৰা কৃষি সঞ্চালকজনে এটা ই–মেইল লাভ কৰিছিল৷ এই ই–মেইলটো লাভ কৰাৰ এঘণ্টাৰো কম সময়ৰ ভিতৰত জ্ঞানীয়ে কেইজনমান নির্বাচিত ঠিকাদাৰক কামৰ আবণ্টন দিয়ে৷ অৱশ্যে আদালতৰ মজিয়াত এই কথা প্রকাশ কৰিবলৈ যাওঁতেও জ্ঞানীয়ে বিভ্রান্তিকৰ তথ্য উপস্থাপন কৰা পৰিলক্ষিত হয়৷ সঞ্চালকজনৰ তথ্যৰ বিভ্রান্তিত ক্ষুণ্ণ হৈ পৰা বিচাৰপীঠে নথিপত্র আৰু কথাৰ সামঞ্জস্যহীনতাক লৈও তেওঁ গুৰুতৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে৷ অহা ২৬ এপ্রিলত জ্ঞানীক পুনৰ আদালতত সোঁশৰীৰে হাজিৰ হ’বলৈ নির্দেশ দিছে৷ লক্ষণীয় যে উচ্চ ন্যায়ালয়ৰ মজিয়াত ঠিকা আবণ্টনক লৈ উন্মোচিত হোৱা এই কার্যই কেতবোৰ ৰহস্যৰ সৃষ্টি কৰিছে৷ বিশেষকৈ ঠিকা আবণ্টনৰ ক্ষেত্রত বিভাগৰ ভিতৰচ’ৰাত কি চলি আহিছে তাক লৈও সচেতন মহলে প্রশ্ণ উত্থাপন কৰিছে৷ কেৱল কমিছনৰ অংকত বিভাগটোৱে একাংশ নির্বাচিত ঠিকাদাৰক ঠিকা আবণ্টন দিবলৈ খৰখেদা কৰে নেকি বুলিও সন্দেহৰ সৃষ্টি হৈছে৷ অৱশ্যে গোচৰটোৰ পৰৱর্তী শুনানিতহে বিভাগটোৰ এই কুকীর্তি তথা চৰম গাফিলতিৰ সবিশেষ পোহৰলৈ আহিব৷

You might also like