নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেক কাটিবলৈ নাপালে কণমানি ইভানে

ইভান আৰু ঈশানে মাথোঁ চিঞৰিছিল মা... মা... বুলি

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ জন্মদিনৰ দিনাই কৰুণ মৃত্যুক সাৱতিলে ৪ বছৰীয়া ইভানে। কি মৰ্মান্তিক! সকলো যেন বাকৰুদ্ধ। কাৰো ওচৰত উত্তৰ নাই আছে মাথোঁ তপত চকুলো। কি ভুল আছিল কণমানি দুটিৰ, সকলোৰে এটাই প্ৰশ্ন ভগৱান কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে? নিয়তিৰ কি কৰুণ পৰিহাস! খেলি থকা সময়তে বিধ্বংসী জুইকুৰাই কাল হৈ আহিছিল কণমানি দুটিৰ জীৱনলৈ। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ বিস্ফোৰিত হৈছিল ছিলিণ্ডাৰ। কঠিন জীৱনৰ অৰ্থ বুজি নোপোৱা ইভান আৰু ঈশানে মাথোঁ চিঞৰিছিল মা… মা… বুলি। কিন্তু সেই সময়ত ঘৰত নাছিল শেষ সময়ত কণমানি দুটাই বিচাৰি ফুৰা মাক শিল্পী গোস্বামী। দুমহলীয়া ঘৰটোৰ ওপৰ মহলাত দুই ভাতৃ ইভান আৰু ঈশানক বন্ধ কৰি তলত আছিল মাক আৰু আইতাক। কিন্তু তেনে সময়তে জুইৰ লেলিহান শিখাই আৱৰি ধৰিছিল ঘৰটোৰ ওপৰ মহলা। বন্ধ কোঠাৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হ’ল ইভান আৰু ঈশান। জুইৰ শিখাই মিনিটৰ ভিতৰতে ছাৰখাৰ কৰি পেলালে এখন ঘৰ, এটা পৰিয়াল আৰু দুটি দেৱশিশুক। বন্ধ কোঠাত ‘মা’ ‘মা’ বুলি মৰণ কাতৰ চিঞৰ শুনিও আগবাঢ়ি যাব পৰা নাছিল কোনো লোক। ইতিমধ্যেই কালৰূপ ধাৰণ কৰি জীৱনগ্ৰাসী জুইকুৰাই। অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই  নিৰ্বাপনৰ চেষ্টা কৰিলে যদিও তেতিয়ালৈ ছাই হৈ গ’ল ঈশান আৰু ইভান। ইয়াতকৈ আৰু হৃদয় বিদাৰক কি হ’ব পাৰে?

                        উল্লেখযোগ্য যে আজি ইভানৰ জন্মদিন। জন্মদিনৰ দিনা কেক কাটিবলৈ নাপালে ইভানে। নিজেই সোমাই পৰিল এটা বন্ধ কফিনত। জন্মদিনৰ দিনাই অশ্ৰু অঞ্জলিৰে সকলোৱে বিদায় দিলে ইভানক। বৰ্তমানলৈকে ইভান-ঈশানৰ মাতৃয়ে জনা নাই যে তেওঁৰ কলিজা টুকুৰা দুটা আৰু এই পৃথিৱীত নাই। ‘মা’ বুলি মাতিবলৈ আৰু তেওঁলোক কেতিয়াও নাহে। সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে নিষ্পাপ আত্মাই যাতে চিৰশান্তি লাভ কৰে।

                  সমগ্ৰ ঘটনাত শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শিশুদুটিৰ আত্মাৰ চিৰশান্তি কামনা কৰি মুখ্যমন্ত্ৰীয়ে কামৰূপ (মহানগৰ) জিলা উপায়ুক্তক সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে।

You might also like