নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্ৰীয় চৰকাৰৰ অনীহাৰ কৰুণ পৰিণতিঃ বিক্ৰী হ’ব নগাঁও-কাছাৰ কাগজ কল

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ অসমৰ দৰে ৰাজ্য এখনৰ কাৰণে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ দুই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নগাঁও আৰু কাছাৰ কাগজ কল ইতিহাস হোৱাটো নিশ্চিত হৈ পৰিল । ‘নেচনেল কোম্পানী ল ট্ৰিবিউনেল (এন চি এল টি)’- এ কাগজ কল দুটা বৰ্জ (স্ক্ৰেপ) সম্পত্তিৰ ৰূপত নিলাম কৰাৰ চূড়ান্ত নিৰ্দেশ দিছে । এন চি এল টিৰ যোৱা ২৫ নৱেম্বৰৰ এই নিৰ্দেশনা ৰাজহুৱা কৰা হৈছে বুধবাৰে । ইয়াৰ লগে লগে কাগজ কল দুটাৰ সৈতে প্ৰত্যক্ষ-পৰোক্ষভাৱে জড়িত ২ লাখ লোকৰ জীৱনলৈ এতিয়া কাৰ্যতঃ অমানিশা নামি আহিল । বাস্তৱত কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ চৰম অনীহা তথা কল দুটা ক্ৰয় কৰাৰ বাবে কোনো পক্ষই আগ্ৰহ প্ৰকাশ নকৰা হেতু এন চি এল টিয়ে এই চূড়ান্ত নিৰ্দেশ দিবলৈ বাধ্য হৈছে । কাগজ কল দুটা নিলাম কৰাৰ বাবে নিযুক্তি প্ৰদান কৰা লিকিউডেটৰ কুলদীপ বাৰ্মালৈ এন চি এল টিয়ে নিলাম সম্পৰ্কীয় এই নিৰ্দেশনা প্ৰদান কৰিছে । উল্লেখ্য যে, কাগজ কল দুটাৰ স্বত্বাধিকাৰ হিচাপে হিন্দুস্তান পেপাৰ কৰ্প’ৰেচনৰ মূল্য হৈছে এই মুহূৰ্তত ৩১৪ কোটি টকা । যাক কোৱা হয়- নিগেটিভ নেট ৱৰ্থ । অৰ্থাৎ এইচ পি চিৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ মূল্যত আৰু ৩১৪ কোটি টকা যোগ কৰিলেহে কোম্পানীটোৰ অনাদায় পুঁজিৰ নিষ্পত্তি ঘটিব । গুৰুত্বপূৰ্ণ কথাটো হ’ল – কাগজ কল দুটাৰ বিষয়া, কৰ্মচাৰীসকলে যোৱা ৩৫ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত গৈ আছে । যাৰ ফলস্বৰূপে বিনাচিকিৎসাত তথা উপযুক্ত চিকিৎসাৰ অভাৱত ৬০ জন কৰ্মচাৰীৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত ৩ জন কৰ্মচাৰীয়ে আত্মহত্যাৰ নিচিনা কঠোৰ পদক্ষেপ ল’বলৈকো বাধ্য হৈছে । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে চলিত বৰ্ষত ইয়াৰ পূৰ্বেও এন চি এল টিয়ে কাগজ কল দুটা নিলাম কৰাৰ নিৰ্দেশ দিছিল । পিছে এন চি এল টিৰ উৰ্ধ্বতন কৰ্তৃপক্ষ হিচাপে এন চি এল এ টি , চমুকৈ নেকলেটে নিলামৰ নিৰ্দেশনাক পৰিমাৰ্জন কৰি কাগজ কল দুটাক কাৰ্যক্ষম কৰিহে নিলাম কৰাৰ নিৰ্দেশ দিছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে কাগজ কল দুটা বেচৰকাৰী সংস্থাক বিক্ৰী কৰাৰ বাবে বিজ্ঞাপনো প্ৰকাশ কৰিছিল । পিছে নিৰ্ধাৰিত সময়ৰ ভিতৰত বেচৰকাৰী কোনো পক্ষই কাগজ কল দুটা ক্ৰয়ৰ আগ্ৰহ প্ৰকাশ নকৰা বাবে এন চি এল টিয়ে এতিয়া বাধ্য হৈ বৰ্জ সম্পত্তিৰ তালিকাভুক্ত কৰি নিলাম কৰাৰ চূড়ান্ত নিৰ্দেশ দিয়ে । বাস্তৱত এন চি এল টিৰ এই নিৰ্দেশনাই কাগ কল দুটাৰ পুনৰুজ্জীৱিতকৰণৰ সকলো বাট ৰুদ্ধ কৰিলে । এতিয়া বিদেশৰ পৰা ক্ৰয় কৰা কল দুটাৰ বহুমূলীয়া যন্ত্ৰপাতি বৰ্জ সম্পত্তিৰ আকাৰত নিলামৰ জৰিয়তে বিক্ৰী কৰা হ’ব । পৰিতাপৰ বিষয়টো হৈছে মাত্ৰ ৯৮ লাখ টকা অনাদায়ৰ বাবে নিলাম কৰা হ’ব ৰাষ্ট্ৰায়ত্ত সংস্থা এইচ পি চিৰ অধীনস্থ কাগজ কল দুটা ।

You might also like