কেন্দ্ৰ-ৰাজ্যৰে এনডিএফবিৰ যুদ্ধবিৰতি চুক্তি
বৃহস্পতিবাৰৰ পৰা উগ্ৰপন্থী গোটটোৱে পৰিহাৰ কৰিলে হিংসাৰ পথঃশান্তি প্ৰক্ৰিয়াত চামিল হল আলোচনাবিৰোধী গোটঃপ্ৰস্তাৱিত বড়ো শ্বাক্ষৰ কৰিব চুক্তিত স্বাক্ষৰ কৰিব চাওৰাইগৌৰাই
নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ নেচনেল ডেম’ক্রেটিক ফ্রণ্ট অৱ বড়োলেণ্ড চমুকৈ এনডিএফবিৰ আলোচনাবিৰোধী গোটটোৱে বৃহস্পতিবাৰে যুদ্ধবিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিছে৷ উগ্রপন্থী সংগঠনটোৰ আলোচনাবিৰোধী গোটৰ অধ্যক্ষ বি চাওৰাইগৌৰাই সংগঠনটোৰ হৈ এই চুক্তিপত্রত স্বাক্ষৰ কৰে৷ এই ত্রিপাক্ষিক চুক্তিপত্রত ভাৰত চৰকাৰৰ হৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ উত্তৰ–পূবৰ দায়িত্বত থকা যুটীয়া সচিব সত্যেন্দ্র গার্গ আৰু অসম চৰকাৰৰ হৈ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত–সচিব আশুতোষ অগ্ণিহোত্রীয়ে স্বাক্ষৰ কৰে৷ চুক্তিপত্রখনৰ জৰিয়তে এনডিএফবিৰ বি চাওৰাইগৌৰা নেতৃত্বাধীন আলোচনাবিৰোধী গোটটোৱে আজিৰে পৰা উগ্রপন্থা আৰু হিংসাৰ পথ পৰিহাৰ কৰাৰ লগতে আত্মগোপনৰ জীৱন ত্যাগ কৰি মুকলি আকাশৰ তললৈ অহাৰ বাবে সন্মতি প্রকাশ কৰে৷ উগ্রপন্থী সংগঠনটোৱে শান্তি প্রক্রিয়াত যোগ দিয়াৰ উপৰি বড়ো সংগঠনসমূহৰ সৈতে প্রস্তাৱিত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ বাবেও সন্মতি প্রকাশ কৰে৷ ইয়াৰ লগে লগে এনডিএফবিৰ আলোচনাবিৰোধী গোটটোৱে সকলোধৰণৰ হিংসাত্মক কার্যকলাপৰ পৰা বিৰত থকাৰ বাবে চৰকাৰৰ সৈতে চুক্তিবদ্ধ হয়৷ উল্লেখ্য যে ম্যানমাৰত আশ্রয় গ্রহণ কৰি থকা এনডিএফবিৰ আলোচনাবিৰোধী গোটটোৰ অধ্যক্ষ বি চাওৰাইগৌৰাৰ নেতৃত্বত ৫০জনীয়া উগ্রপন্থীৰ এটা দলে আশ্রয় শিবিৰ ত্যাগ কৰি অসমত প্রৱেশ কৰিছিল৷ ইয়াৰ লগে লগে সংগঠনটোৰ অধ্যক্ষ, সেনাধ্যক্ষকে ধৰি কেন্দ্রীয় নেতাসকলৰ সৈতে গৃহ মন্ত্রালয়ে যোগাযোগ স্থাপন কৰিছিল৷ আনহাতে গোপন আশ্রয় শিবিৰৰ পৰা অহা এনডিএফবিৰ এই কঠোৰপন্থী দলটোক কেন্দ্রীয় গৃহ মন্ত্রালয় আৰু অসম আৰক্ষীয়ে গোপন স্থানত ৰাখিছিল৷ উল্লেখ্য যে যোৱা মঙলবাৰে এনডিএফবিৰ অধ্যক্ষ বি চাওৰাগৌৰাৰ পিতৃ জগৰ বসুমতাৰীয়ে ১২ বছৰৰ মূৰত গুৱাহাটীৰ এক অজ্ঞাত স্থানত উগ্রপন্থী নেতাজনক সাক্ষাৎ কৰা বুলি প্রকাশ কৰিছে৷ চাওৰাইগৌৰাৰ পিতৃয়ে জনোৱা মতে, ১২ বছৰ পূর্বে ২০০৭ চনত এই উগ্রপন্থী নেতাজনে নিজ গৃহ ত্যাগ কৰি আত্মগোপন কৰাৰ পাছৰে পৰা যোগাযোগ ৰখা নাছিল পৰিয়ালৰ সৈতে৷ বিটিএডিৰ চিৰাং জিলাৰ কাশীকোত্রা অঞ্চলৰ বাসিন্দা উগ্রপন্থী নেতাজন উগ্রপন্থী সংগঠনত যোগদান কৰাৰ পূর্বে স্থানীয় এবছু গোটৰ সাহিত্য সম্পাদক আছিল৷ উল্লেখ্য যে ২০০৫ চনত এনডিএফবিৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী নেতৃত্বাধীন গোটটোৱে যুদ্ধবিৰতি ঘোষণা কৰি কেন্দ্রীয় চৰকাৰৰ সৈতে শান্তি আলোচনা প্রক্রিয়া আৰম্ভ কৰিছিল৷ ইয়াৰ পিছতেই ২০১১ চনত বাংলাদেশত গ্রেপ্তাৰ হোৱা সংগঠনটোৰ প্রতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰীয়েও অসমৰ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত কেন্দ্রৰ সৈতে হোৱা শান্তি আলোচনা প্রক্রিয়াত চামিল হৈছিল যদিও বি চাওৰাগৌৰা নেতৃত্বাধীন কঠোৰপন্থী গোটটোৱে আলোচনাবিৰোধী স্থিতি গ্রহণ কৰি আহিছিল৷ উগ্রপন্থী সংগঠনটোৰ উপাধ্যক্ষ জি বিদাইৰ নেতৃত্বত সংগঠনটোৱে বিভিন্ন হিংসাত্মক কার্যকলাপ সংঘটিত কৰাৰ লগতে ৮০জনকৈ আদিবাসী লোকক হত্যা কৰা নৰমেধ যজ্ঞও সংঘটিত কৰিছিল৷ এই গণহত্যাৰ পাছৰ পৰাই এনডিএফবিৰ আলোচনাবিৰোধী গোটটো অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল৷ এতিয়া এই গোটটো শান্তি প্রক্রিয়াত চামিল হোৱাটো অসম আৰক্ষীৰ বাবে বৃহৎ সকাহ বুলি বিবেচিত হোৱাৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ উগ্রপন্থী সংগঠনসমূহৰ বাবে তাৎপর্যপূর্ণ বিষয় হিচাপে বিবেচিত হৈছে৷