নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কেব’ বিৰোধিতা যতীন বৰাৰ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ দেওবাৰে তেজপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আছু সদস্যই জনপ্ৰিয় অভিনেতা যতীন বৰাক ঘেৰাও কৰে । বিধেয়কখনৰ ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ পাচতেই দেওবাৰে আছু সদস্যই এইদৰে ঘেৰাও কৰে অভিনেতাগৰাকীক ।

এই ঘটনাৰ পাচতেই সোমবাৰে এক সংবাদমেল সম্বোধন কৰি নিজৰ স্থিতি স্পষ্ট কৰে যতীন বৰাই । অসমৰ ৰাইজে যিহেতু এনে এখন বিধেয়ক বিচৰা নাই গতিকে অসমৰ ৰাইজৰ সৈতে সহমত প্ৰদান কৰি যতীন বৰাইও কেবৰ বিৰোধিতা কৰোঁ বুলি উল্লেখ কৰে সংবাদমেলত । অনাগত দিনত বিধেয়কবিৰোধী সংগঠন আৰু ৰাইজৰ সৈতে চৰকাৰে এক আলোচনাত মিলিত এই বিষয়টো সমাধান কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, সোমবাৰে লোকসভাত গৃহীত হয় বিতৰ্কিত এই বিধেয়কখন ।

You might also like