নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী ডিজিপি ?

দৌৰত এ কে সিনহা কাশ্যপ, ভাস্কৰজ্যোতি মহন্ত, মুকেশ আগৰৱালা

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ অৱসৰৰ মাজত মাত্ৰ ৩ টা দিন বাকী । অহা ৩০ নৱেম্বৰত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁৰ উত্তৰাধিকাৰী কোন হ’ব তাক লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে । ইপিনে ৰাজ্য চৰকাৰে ইউপিএছচিলৈ প্ৰেৰণ কৰা পেনেলত ৫ জন শীৰ্ষ আৰক্ষী বিষয়াৰ নাম সন্নিৱিষ্ট কৰিছে । পেনেলত থকা বিষয়াকেইগৰাকী ক্ৰমে- এ কে সন্হা কাশ্যপ, ভাস্কৰ জ্যোতি মহন্ত, কে ভি সিং দেউ, বি কে মিশ্ৰ আৰু মুকেশ আগৰৱালা । ইয়াৰ বাহিৰেও আন কেইগৰাকী জ্যেষ্ঠ বিষয়াৰ নামো পৰৱৰ্তী ডিজিপি পদৰ বাবে চৰ্চালৈ আহিছিল যদিও চোৰাংচোৱা সংস্থাৰ শীৰ্ষ বিষয়া তপন ডেকাকে ধৰি অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়া এ কে ঝা আৰু মেঘালয় আৰক্ষীৰ সঞ্চালকপ্ৰধান আৰ চন্দ্ৰনাথনৰ নাম শেষ পৰ্যায়ত বাতিল কৰা হয় । এতিয়া পেনেলত থকা পাঁচগৰাকী জ্যেষ্ঠ বিষয়াৰ পৰাই যিকোনো এগৰাকীৰ নাম পৰৱৰ্তী ডিজিপি হিচাপে ঘোষণা কৰা হ’ব । একে সময়তে অহা ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিব ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰে । পৰৱৰ্তী মুখ্য সচিব পদৰ বাবে কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ নাম উচ্চাৰিত হৈছে যদিও শেষ মুহূৰ্তত আলোক কুমাৰৰ কাৰ্যকাল ছমাহ বৃদ্ধি কৰাৰ সম্ভাৱনাই অধিক ।

You might also like