নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিয়ে পাহৰিব পাৰিবনে বৰ্ষাপাৰাৰ বৰ্ষাবিঘ্নিত সন্ধ্যা ?

-প্ৰণৱ জ্যোতি মহন্ত

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ এফালে বছৰটোৰ আৰম্ভণি আৰু আনফালে উৎসাহী দৰ্শক । কাকোৱেই নিৰাশ কৰিব বিচৰা নাছিল অধিনায়ক কোহলিয়ে । কিন্তু বৰ্ষাবিঘ্নিত মেচখনৰ পিট্চ ক’ভাৰিঙৰ বিসংগতিয়েই যেন দেওবাৰে ভাৰতীয় দলটোৰ লগতে সকলো ক্ৰীড়াপ্ৰেমীক নিৰাশ কৰিলে ।

বিশেষকৈ আম্পায়াৰে নিশা ৯ বজাত ক’ভাৰ উঠোৱাৰ লগে লগে পিট্চৰ কেইবা অংশ সেমেকি থকাৰ বাবে পুনৰ ৯.৩০ বজাত দ্বিতীয় পৰিদৰ্শনৰ সময় নিৰ্ধাৰণ কৰে । এই সময়খিনিতে কিউৰেটৰৰ লগতে সহযোগীসকল ব্যস্ত হৈ পৰিল হেয়াৰ ড্ৰায়াৰ, ইস্ত্ৰি আৰু ভেকুৱামৰে সেমেকা পিট্চ শুকুওৱাৰ বাবে । কিন্তু এই দৃশ্যই যেন সকলো খেলুৱৈৰ লগতে বিৰাটকো আচৰিত কৰি তুলিলে । এখন ২২ গজৰ ক্ৰিকেট পিট্চ শুকুওৱাৰ বাবে এনেবোৰ সামগ্ৰী কিয় !

ইমানৰ পিছতো বিৰাটে শেষ পৰ্যন্ত অহৰহ চেষ্টা চলাই গৈছিল দৰ্শকক ১০ অভাৰৰ খেল হ’লেও উপহাৰ দিয়াত । কিন্তু অৱশেষত ৯.৫৫ বজাত আহিছিল বেয়া খবৰটো । যাৰ পিছতে বছৰৰ প্ৰথমখন খেল অমিমাংসিত ভাৱে সামৰিবলৈ বাধ্য হৈ পৰিছিল বিৰাট কোহলি । পিচে যিয়েই নহওক ২০২০ ৰ প্ৰথমখন খেলত হোৱা এনেবোৰ তিক্ত অভিজ্ঞতাই হয়টো পাহৰিব নোৱাৰিব অধিনায়ক বিৰাট কোহলিয়ে ।

You might also like