নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জত বিএছএফ জোৱানৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ৯ মার্চঃ কৰিমগঞ্জত বি এছ এফৰ এজন জোৱানে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দেওবাৰে কৰিমগঞ্জৰ বি এছ এফৰ শিবিৰৰ ওচৰতে এজোপা গছত চিপ লৈ থকা অৱস্থাত জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ তেওঁ আছিল বি এছ এফৰ ৭নং বেটেলিয়নৰ ৷ মৃত জোৱানজনক উত্তৰ প্রদেশৰ গাজিয়াবাদৰ বিনোদ কুমাৰ গুপ্তা (৪০) বুলি চিনাক্ত কৰা হৈছে ৷ তেওঁ ভাৰত–বাংলাদেশ সীমান্তৰ সুৰক্ষাত নিয়োজিত আছিল ৷ ঘটনাৰ পিছত কৰিমগঞ্জৰ এটা আৰক্ষীৰ দলে জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰি পোষ্টমর্টেমৰ বাবে চিকিৎসালয়লৈ প্রেৰণ কৰে ৷ আৰক্ষীৰ সূত্রই জনোৱা মতে, আত্মহত্যা সংঘটিত কৰা জোৱানজনৰ পৰা কোনোধৰণৰ ছুইচাইড নোট উদ্ধাৰ কৰা হোৱা নাই ৷

You might also like