নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰাজ্যৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত ব্যাপক প্ৰভাৱ পৰাটো একপ্ৰকাৰ নিশ্চিত হৈছে । বিশ্বজুৰি সৃষ্টি কৰা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ লকডাউকে ধৰি ঘোষণা কৰা বিভিন্ন পদক্ষেপৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ । বিশেষকৈ ৰাজ্যৰ ট্যুৰ অপাৰেটৰসকলে এই সময়ছোৱাত প্ৰায় ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে । মাৰ্চৰ প্ৰথমভাগৰ পৰাই পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত লকডাউনৰ পাচত লোকচানৰ পৰিমাণ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । পৰ্যটন বিভাগৰ এক শীৰ্ষ সূত্ৰই এই কথা সদৰী কৰিছে । ইপিনে পৰ্যটন ক্ষেত্ৰখন পুনৰুজ্জীৱিত কৰাৰ বাবে চৰকাৰৰ কাষ চাপিছে ট্যুৰ অপাৰেটৰসকল । ৰাজ্য চৰকাৰৰ সমৰ্থন বিচাৰি ট্যুৰ অপাৰেটৰসকলে অসম পৰ্যটন উন্নয়ন নিগমৰ সৈতে এক আলোচনাত মিলিত হয় । এই আলোচনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিগমৰ পৰিচালন সঞ্চালক ভাস্কৰ ফুকনে কয় যে, আলোচনা কালত ট্যুৰ অপাৰেটৰসকলে ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰিছে । যাৰ বাবে পৰ্যটন উদ্যোগক পুনৰুজ্জীৱিত কৰিবলৈ ৰাজ্যৰ পৰ্যটন বিভাগক এটা সাহাৰ্য পুঁজি আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে ।
ফুকনে সদৰী কৰা অনুসৰি এই সময়ছোৱাত ট্যুৰ অপাৰেটৰ সকলে প্ৰায় ৩,০০০ ট্যুৰ পেকেজ বাতিল কৰিবলগীয়া হৈছে । একে সময়তে পৰ্যটন নিগমে সন্মুখীন হোৱা লোকচান সন্দৰ্ভত তেওঁ কয়- পৰ্যটন নিগমৰ অধীনস্থ লজসমূহত থকা লোকৰ সংখ্যা অত্যধিক হ্ৰাস পাইছে । ৰাজহ উপাৰ্জন হোৱা পাৰ্ক, ৰেষ্টুৰেণ্ট, বাৰ আগিতো ভিৰ অভূতপূৰ্বভাৱে হ্ৰাস পাইছে । পৰ্যটন নিগমৰ ৰেড ৰিভাৰ ট্য়ুৰ এণ্ড ট্ৰেভেলছৰ পেকেজসমূহ বাতিল হোৱাৰ ফলত বৃহত লোকচানৰ সন্মুখীন হৈছে ।
ইফালে, পৰ্যটন নিগমৰ সৈতে জড়িত থকা আগশাৰীৰ ট্যুৰ অপাৰেটৰ অপিত পুৰকায়স্থই সংবাদ মাধ্যমৰ আগত কয় যে, দীঘলীয়া লকডাউনৰ ফলত বহু লোক কৰ্মসংস্থাপনহীন হ’ব । ট্যুৰ অপাৰেটৰসকলে নিয়োজিত কৰা বহু গাঁৱৰ বাসিন্দাও কৰ্মহীন হ’ব । উল্লেখ্য যে, অসমৰ বন্যপ্ৰাণী পৰ্যটন আটাইতকৈ জনপ্ৰিয় । বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ৰ লগত ৰাজ্যৰ নৈসৰ্গিক শোভা উপভোগৰ বাবে পৰ্যটকৰ আগমন ঘটে । অক্টোবৰৰ পৰা এপ্ৰিললৈ ৰাজ্যলৈ পৰ্যটকৰ সৰ্বাধিক আগমন ঘটে । ইতিমধ্যে অহা ১৪ এপ্ৰিললৈ লকডাউন ঘোষণা কৰা হৈছে । ৰাজ্যৰ সকলো ৰাষ্ট্ৰীয় উদ্যান আৰু বন্য়প্ৰাণী অভয়াৰণ্যসমূহ লকডাউনৰ পূৰ্বৰে পৰা বন্ধ ৰখা হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ট্যুৰ অপাৰেটৰসকল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৰাজ্যৰ পৰ্যটন উদ্যোগত প্ৰত্যক্ষভাৱে ২ লাখ লোক জড়িত হৈ আছে । তদুপৰি পৰোক্ষভাৱে ৫ লাখ লোক পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত । ক’ৰোনা ভাইৰাছে ভয়াৱহ ৰূপ লোৱাৰ পূৰ্বে নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনৰ ফলতো পৰ্যটন খণ্ড ব্যাপকভাৱে লোকচানৰ সন্মুখীন হৈছে ।