নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাতংকৰ মাজতে উকা পদূলিত আজি মানুহ বিহু

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ আজি পহিলা ব’হাগ । হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি সেমেকা যদিও থলুৱা ৰীতি-নীতি আৰু পৰম্পৰাৰে অসমীয়াই আজি পালন কৰিলে মানুহ বিহু ।

মানুহ বিহুৰ পৰম্পৰাৰ অনুসৰি জ্যেষ্ঠজনক সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ লগতে এই দিনটোতে নতুন বস্ত্ৰ পৰিধান কৰে সকলোৱে । বিশ্বজুৰি ক’ৰোনা আতংকৰ মাজতে এইবাৰ অৱশ্য উকা আৰু ৰঙহীন হৈ থাকিল ব’হাগ । তাৰ মাজতো কিন্তু চৰকাৰ আৰু প্ৰশাসনৰ নিৰ্দেশনা পালন কৰি সামাজিক দূৰত্ব বজাই প্ৰতিজন অসমীয়াই নিজ নিজ ঘৰতে পালন কৰিছে ৰঙালী বিহু ।

সোমবাৰে অৰ্থাৎ গৰুবিহুৰ দিনাও প্ৰতিজন অসমীয়াই নিজৰ গৰুহালক নুৱাই-ধুৱাই , নতুন তৰাৰ জৰী পিন্ধাই পালন কৰা দেখা গ’ল পৰম্পৰা । যান্ত্ৰিকতা আৰু আধুনিকতাই গ্ৰাস কৰা বিহুক অৱশ্যে ক’ৰোনাৰ প্ৰভাৱে পুনৰবাৰ যেন স্বকীয়তাৰ মাজলৈ লৈ গ’ল এইবাৰ ।

গৰুবিহুৰ দ্বিতীয় দিনা অৰ্থাৎ পহিলা ব’হাগৰ দিনটো হৈছে মানুহ বিহু । আজি মানুহ বিহুৰ দিনাও অসমৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে একেই ছবি । জ্যেষ্ঠজনক নিজগৃহতে শ্ৰদ্ধা আৰু সন্মান জনাই প্ৰতিটো অসমীয়া পৰিয়ালে আজি পালন কৰিলে মানুহ বিহু ।

You might also like