নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শুকুৰবাৰে বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে টেলিফোনযোগে বার্তালাপ কৰে ৷ মুখ্যমন্ত্রীয়ে প্রতিগৰাকী বিশিষ্ট ব্যক্তিৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি সাম্প্রতিক দুঃসময়ত তেওঁলোকৰ মনোবল অটুট ৰখাৰ দিশত প্রেৰণা যোগায় ৷ মুখ্যমন্ত্রীয়ে লগতে ৰঙালী বিহু আৰু নতুন বছৰৰো শুভেচ্ছা জ্ঞাপন কৰে ৷ শুকুৰবাৰে টেলিফোনযোগে বার্তালাপ কৰা বিশিষ্ট ব্যক্তিসকল হ’ল উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতিসকল ক্রমে হোমেন বৰগোহাঞি, ড০ নগেন শইকীয়া, ৰংবং তেৰাং আৰু ইমৰান শ্বাহ, বড়ো সাহিত্য সভাৰ সম্পাদক কমলাকান্ত মুছাহাৰী, বিশিষ্ট সাংবাদিক ধীৰেন চক্রৱর্তী, নিত্য বৰা, প্রফুল্ল গোবিন্দ বৰুৱা, হাইদৰ হুছেইন, বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামী, পদ্মশ্রী এলি আহমেদ, বন্দিতা ফুকন, দেৱীপ্রসাদ বাগদিয়া, গীতা উপাধ্যায়, প্রহ্লাদ তাছা, আত্মাৰাম কুমাৰ, শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী, অধ্যাপক মৃণাল মিৰি, ভৱপ্রসাদ চলিহা, ড০ উপেন ৰাভা হাকাছাম, ৰঞ্জিত নাৰায়ণ ডেকা, প্রাক্তন বিধায়ক পদ্মশ্রী অজয় দত্ত, বিশিষ্ট ব্যক্তিসকল ক্রমে পদ্মশ্রী ড০ যোগেন্দ্র নাথ ফুকন, বিশিষ্ট পদার্থ বিজ্ঞানী ড০ জয়ন্তী চুতীয়া, প্রকৃতিবিদ পদ্মশ্রী যাদৱ পায়েং, সুভেন্দু শেখৰ দত্ত, ড০ গিৰীধাৰী কৰ, ড০ অজিত ভট্টাচার্য, আতিন দাস, সঞ্জীৱ দেৱ লস্কৰ, ড০ শান্তি সিংহ, দুলাল মিত্র, জালাদ বৰণ দেৱ লস্কৰ, ড০ সৃষ্টিধৰ দত্ত, শ্রীকুমাৰ দহোটীয়া, চন্দ সেনাপতি, হবিবুৰ ৰহমান চৌধুৰী, ৰাধিকা ৰঞ্জন চক্রৱর্তী, বসন্ত ডেকা, অৱনী ভাগৱতী, কমল নয়ন চৌধুৰী, নিলয় দত্ত, কমল আগৰৱালা, গৌতম উজিৰ, অনিল কুমাৰ ভট্টাচার্য, প্রণৱ পাঠক, তৰেন বড়ো, আব্দুল খয়েৰ মৌলানা, নিতিশ ভট্টাচার্য আৰু বাৰ এছ’চিয়েচনৰ সভাপতি সুৰেন শর্মা ৷