ক’ৰোনাত আক্ৰান্ত ফাইজুল হক বৰভূঞাৰ অৱস্থা সংকটজনক; ICU ত ভৰ্তি
নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ হাইলাকান্দিৰ ক’ৰোনা ভাইৰাছত আক্ৰান্ত ফাইজুল হক বৰভূঞাৰ অৱস্থা সংকটজনক। বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে ফাইজুল হক বৰভূঞাক। সম্প্ৰতি নিমুনীয়াতো আক্ৰান্ত ৰোগীজন ।
ইপিনে ফাইজুলৰ পৰিয়ালৰ ৫ জন সদস্যক হাইলাকান্দিৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে। লগতে কমেও ৯২ জন লোক ফাইজুলৰ সংস্পৰ্শলৈ আহিছিল।
উল্লেখ্য যে মাৰ্কাজলৈ যোৱাৰ কথা লুকুৱাইছিল ফাইজুলে । হজৰ পৰা আহি মাৰ্কাজত সোমাইছিল ফাইজুল ।