নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ ক’ৰোনাৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত অসম যথেষ্ট সন্তোষজনক স্থিতিত আছে । প্ৰথম পৰ্যায়ৰ ক’ৰোনা যুদ্ধত অসম জয়ী হৈছে । – এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে এখন সংবাদমেলত মন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাজ্যখনত এতিয়ালৈ মুঠ ৩৪ জনৰ শৰীৰত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছে । ইয়াৰে এজনৰ মৃত্যু হয় । সেইদৰে আজিলৈকে মুঠ ১২ জন লোক সুস্থ হৈ উঠাত তেওঁলোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছে । ক’ভিড–১৯ত আক্রান্ত হোৱা লোকসকলৰ বাবে শংকাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি তেওঁ কয় যে যিসকল ক’ভিড–১৯ত আক্রান্ত হৈছে, তেওঁলোক সামাজিক সংস্পর্শলৈ যোৱাৰ পূর্বে চৰকাৰে কোৱাৰেণ্টাইন কৰি চিকিৎসাৰ ব্যৱস্থা কৰে৷ ক’ভিড–১৯ক লৈ আতংকিত নহ’বলৈ জনসাধাৰণক আহ্বান জনাই তেওঁ মন্তব্য কৰে যে সমাজ–ব্যক্তিৰ মাজত সংক্রমণৰ চেইন চৰকাৰে ভাঙি দিয়াটোৱেই ৰাজ্যখনৰ বাবে ইতিবাচক দিশ ৷ ক’ৰোনাৰ ক্ষেত্রত অসম এতিয়াও প্রথম পর্যায়তে আছে বুলি উল্লেখ কৰি কয় যে বর্তমান চিকিৎসাধীন হৈ থকা আৰু কিছু লোকক কাইলৈ আৰু পৰহিৰ ভিতৰত চিকিৎসালয়ৰ পৰা ৰিলিজ দিব পৰা যাব৷ স্বাস্থ্য বিভাগ আৰু প্রশাসনে প্রথম অৱস্থাতে নিজামুদ্দিন মার্কাজলৈ যোৱাসকলক চিনাক্ত কৰি কোৱাৰেণ্টাইনলৈ আনিবলৈ সমর্থ হোৱা বাবে অসম যথেষ্ট পৰিমাণে সকাহ পোৱাৰ বিষয়ে জানিবলৈ দি তেওঁ আৰু কয় যে সেয়া সম্ভৱ নোহোৱা হ’লে আজি সমগ্র অসমখনেই ক’ৰোনা আক্রান্ত হ’লহেঁতেন৷ অহা ৩০ এপ্রিলৰ ভিতৰত ক’ৰোনা ভাইৰাছৰ চিকিৎসালয়সমূহ সাধাৰণ ৰোগীৰ বাবে মুকলি কৰিব পৰা যাব বুলিও তেওঁ আশা প্রকাশ কৰে৷ আনহাতে, সম্প্রতি ক’ৰোনাৰ ক্ষেত্রত অসম সন্তোষজনক স্থিতিত থাকিলেও দ্বিতীয় ভয়াৱহ পর্যায়ৰ পৰা অসমক বচোৱাৰ প্রত্যাহ্বান গ্রহণ কৰিব লাগিব বুলি সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ এই সম্পর্কত তেওঁ কয় যে দ্বিতীয় ভয়াৱহ পর্যায়টো আহিব সম্প্রতি দেশৰ ভিন্ন প্রান্তত আবদ্ধ হৈ থকা অসমৰ লোকসকল যেতিয়া নিজ নিজ গৃহলৈ উভতি আহিব৷ লকডাউন খোলাৰ পাছত বিমান, ৰে’লেৰে যেতিয়া সেইসকল লোক ৰাজ্যখনলৈ উভতি আহিব, তেতিয়া সেই প্রত্যাহ্বান আহিব৷ চৰকাৰে এতিয়ালৈ লাভ কৰা তথ্য অনুসৰি অসমৰ বাহিৰত বর্তমান ৪,৩২,৩৮৩টা পৰিয়াল আবদ্ধ হৈ আছে৷ সেই পৰিয়ালৰ মুৰব্বীয়ে ইতিমধ্যে চৰকাৰৰ সৈতে যোগাযোগ কৰিছে৷ সেই পৰিয়ালসমূহ ৰাজ্যখনলৈ উভতি আহিলে মুঠ লোকৰ সংখ্যা কমেও ১৫ লাখ হ’ব৷ ক’ৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰা তামিলনাডু, কর্ণাটক, মহাৰাষ্ট্র আদি ৰাজ্যৰ পৰা তেওঁলোক অহাৰ লগতে ৰে’লেৰে অহাৰ সময়ত ক’ৰোনা আক্রান্ত ৰাজ্য অতিক্রম কৰি আহিব লাগিব৷ এনে অৱস্থাত সেই প্রত্যাহ্বানো অসমে গ্রহণ কৰিব লাগিব৷ বহিঃৰাজ্যৰ পৰা সেই লোকসকল উভতি আহিলে তেওঁলোকক কেনেদৰে হোম কোৱাৰেণ্টাইন, ফেচিলিটী কোৱাৰেণ্টাইন, স্বাস্থ্য পৰীক্ষা, থার্মমিটাৰ টেষ্ট আদি কৰা হ’ব, তাৰ ওপৰতো চৰকাৰে পৰিকল্পনা গ্রহণ কৰিব লাগিব৷ এইক্ষেত্রত দুই–এদিনতে চৰকাৰে পৰিকল্পনা যুগুতাই উলিয়াব৷ অৱশ্যে বহিঃৰাজ্যত থকা অসমৰ সকলো লোক তথা পৰিয়াল উভতি আহে নে নাই, সেয়া এতিয়াই ক’ব পৰা নাযায় বুলি জানিবলৈ দি তেওঁ কয় যে কাৰণ ইয়াত তেওঁলোকে উভতি আহি কর্মসংস্থাপন পাব লাগিব৷ তেওঁলোকেও নিশ্চয় এইবোৰ দিশ চাই–চিতি সিদ্ধান্ত ল’ব৷ আনহাতে, চীনৰ পৰা অসম চৰকাৰৰ স্বাস্থ্য বিভাগে নিজাববীয়া তৎপৰতাৰে আমদানি কৰা ৫০ হাজাৰ পি পি ই কিটক লৈ একাংশ প্রচাৰ মাধ্যমে চলোৱা অপপ্রচাৰত উদ্বেগ প্রকাশ কৰি কয় যে সেই কিটসমূহ নিম্নমানৰ বুলি তেওঁলোকে চলোৱা প্রচাৰ শুদ্ধ নহয়৷ দেশে ক্রয় কৰা ৫০ হাজাৰ কিট নিম্নমানৰ বুলি ডি আৰ ডি অ’ই কোনো বিবৃতি দিয়া নাই৷ ডি আৰ ডি অ’ই বিবৃতিত কৈছে তেওঁলোকে কোনো কিট বাতিল কৰা নাই৷ মাত্র পৰীক্ষাহে কৰিছে৷ বাতিল কৰা আৰু পৰীক্ষা কৰা দুটা পৃথক বিষয়৷ এনেধৰণৰ প্রচাৰেৰে চিকিৎসক–নার্ছ–স্বা মাজত শংকাৰহে সৃষ্টি কৰা হয়৷ এই মুহূর্তত তেনেধৰণৰ অপপ্রচাৰ চলোৱাটো সমীচীন নহয় বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে সদ্যহতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত যথেষ্ট পৰিমাণে পি পি ই কিট মজুত আছে ৷ চিকিৎসক–নার্ছ–স্বা মনত যাতে শংকা নাথাকে, সেয়ে চীনৰ পৰা আমদানি কৰা কিটসমূহ যোগানকাৰীক নিজৰ গুদামতে সদ্যহতে মজুত ৰাখিবলৈ নির্দেশ দিয়া হৈছে৷ যেতিয়া চৰকাৰৰ প্রয়োজন হ’ব, তেতিয়া সেই কিটসমূহ ব্যৱহাৰ কৰিব৷ তদুপৰি যোগানকাৰী প্রতিষ্ঠানক পুঁজি আদায় দিয়াটোও সম্পূর্ণ ভিত্তিহীন৷ যিসকলে এনেধৰণৰ প্রচাৰকার্য চলাইছে, তেওঁলোক অসমৰ শত্রু, ভাৰতৰ শত্রু আৰু মানৱতাৰ শত্রু৷ এই প্রসংগতে মৰিগাঁৱৰ উপায়ুক্তক লৈও একাংশই চলোৱা অতিৰঞ্জিত প্রচাৰত উদ্বেগ প্রকাশ কৰি কয় যে জিলা উপায়ুক্তগৰাকীয়ে ক’ৰোনাৰ সংক্রমণ ৰোধৰ ক্ষেত্রত গ্রহণ কৰা ভূমিকাৰ বাবে তেওঁৰ প্রশংসাহে কৰিব লাগিছিল৷ উপায়ুক্তগৰাকীয়ে নিজামুদ্দিন মার্কাজত যোৱা লোকৰ পৰা ক’ৰোনাৰ ভয়াৱহ সংক্রমণ ৰোধৰ বাবে পদক্ষেপ গ্রহণ নকৰা হ’লে আজি সমগ্র অসমখনে ক’ৰোনাত আক্রান্ত হ’লহেঁতেন ৷