বিশ্বজুৰি এতিয়া ত্ৰাসৰ কাৰণ হৈ পৰিছে ক’ৰোনা ভাইৰাছ । শেহতীয়া তথ্য অনুসৰি বৰ্তমানলৈকে সমগ্ৰ বিশ্বত ২,৭৯,২৬৭ গৰাকী লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুক সাৱটি লৈছে ১১,৫৮৫ গৰাকী লোকে । ভাৰতবৰ্ষত আক্ৰান্তৰ সংখ্যা ২৭৫ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুক সাৱটি লৈছে ৫ গৰাকীকৈ লোকে । ইয়াৰ এগৰাকী লোক ইটালীৰ পৰা ভাৰত ভ্ৰমণৰ বাবে আহিছিল ভাৰতলৈ । শুকুৰবাৰে মৃত্যু হয় এইগৰাকী বিদেশী পৰ্যটকৰ ।
চীনৰ য়ুহান চহৰৰ পৰা উৎপত্তি হোৱা ক’ৰোনাই জোকাৰি গৈছে সমগ্ৰ বিশ্বক । বৰ্তমানলৈকে ৮১,০০৮ গৰাকীকৈ লোক আক্ৰান্ত হৈছে চীনত, ইয়াৰ বিপৰীতে মৃত্যুক আঁকোৱালি লৈছে ৩,২৫৫ গৰাকী লোকে । ইফালে ক’ৰোনা কোপদৃষ্টিয়ে চীনক চেৰ পেলাই বিশ্বৰ ভিতৰতে আগস্থানলৈ উন্নীত হৈছে ইটালী । শেহতীয়া তথ্য অনুসৰি ইটালীত ৪৭,০২১ গৰাকী লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুক সাৱটি লৈছে প্ৰায় ৪,০৩২ গৰাকী লোকে । এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই ইতিমধ্যে চীনকো চেৰ পেলাইছে । প্ৰতি ১০ লক্ষ লোকৰ মাত্ৰ ৫৬ জন লোক চীনত আক্ৰান্ত হোৱাৰ বিপৰীতে ইটালীত প্ৰতি ১০ লক্ষ লোকৰ ভিতৰত ৭৭৮ জন লোক আক্ৰান্ত হৈছে ইটালীত ।
সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ কাৰণ হৈ পৰাৰ পিছতো ভাৰতবৰ্ষ আৰু অসমত যেন ক’ৰোনাক লৈ বৰ্তমানেও সজাগ নহয় নাগৰিকসমাজ । মাত্ৰ চৌবিশ ঘণ্টাৰ ভিতৰত আক্ৰান্তৰ সংখ্যা হোৰাহোৰে বৃদ্ধি পোৱাৰ পাচতো অসম তথা উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীৰ লোকসকল বৰ্তমানেও সজাগ নোহোৱা বিষয়টোহে এতিয়া হৈ পৰিছে চিন্তাৰ কাৰণ । চৰকাৰৰ প্ৰশাসনৰ ফালৰ পৰা গঢ়ি তোলা নীতি-নিয়ম আৰু ব্যৱস্থাৰ প্ৰতিও যেন কোনো কাণসাৰ নাই এইসকল অভিজাত লোকৰ । ইতিমধ্যে আমেৰিকাস্থিত চেণ্টাৰ ফৰ ডিজিছ ডায়নামিকছ, ইকন’মিকছ এণ্ড পলিচী (চিডিডিইপি)ৰ সঞ্চালক ড০ ৰামানন লক্ষ্মীনাৰায়ণে আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান বিবিচিক জনোৱা অনুসৰি – প্ৰাণঘাতী ক’ৰোনা ভাইৰাছৰ হটস্পট হ’ব ভাৰত । ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ ছুনামিৰ সৈতে মোকাবিলা কৰিব লাগিব ভাৰতে । দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ২৫ শতাংশ এই ঘাতক ভাইৰাছটোত আক্রান্ত হ’ব ৷ তেওঁ লগতে কয় যে, ভাৰতবৰ্ষৰ ৩০ কোটি জনতা আক্ৰান্ত হ’ব এই মহামাৰী ক’ৰোনাত ইয়াৰে ৫ কোটি লোকৰ অৱস্থা হ’ব অতি গুৰুতৰ ।
বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড – ১৯ ৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰাৰ পাচতেই এতিয়া ড০ ৰামানন লক্ষ্মীনাৰায়ণে অন্য়ান্য আক্ৰান্ত দেশৰ গাণিতিক আৰ্হিৰে ভাৰততো ৩০ কোটি লোক আক্ৰান্ত হ’ব বুলি কৰা ভৱিষ্যতবাণীৰে লাভ কৰিছে বিশেষ চৰ্চা । দেশৰ প্ৰায়বোৰ চহৰেই এতিয়া ক’ৰোনাৰ বাবে সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছে । অত্যাৱশকীয় আৰু জৰুৰীকালীন সেৱাৰ বাহিৰে অন্যান্য সকলক ঘৰৰ ভিতৰতে থাকিবলৈ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰী গৰাকীয়ে । ৰেল, বিমান বাতিলৰ লগতে দেওবাৰে জনতা কাৰ্ফিউ ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । দেওবাৰে সকলো লোককে ঘৰৰ ভিতৰতে থাকি ১৪ ঘণ্টাৰ এই কাৰ্ফিউ পালন কৰি নিজৰ লগতে আন দহজনৰ জীৱনো সুৰক্ষিত কৰিবলৈ আহ্বান জনায় নৰেন্দ্ৰ মোডীয়ে ।
ক’ৰোনা । এই ৰোগৰ লক্ষণ সম্পৰ্কে ইতিমধ্যে সকলো লোকেই জ্ঞাত হৈছে । পিছে ক’ৰোনাক লৈ সময়ে সময়ে একাংশ লোকে অৱজ্ঞা কৰি অহা বিষয়টোৱে সৃষ্টি কৰিব পাৰে জটিলতা । এটা দিন পূৰ্বে ক’ৰোনা আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহা বলীউডৰ বেবী ডল খ্যাত কণিকা কাপুৰৰ অৱজ্ঞা আৰু অমনোযোগিতাৰ বাবেই এতিয়া দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰো স্বাস্থ্য পৰীক্ষা কৰিব লগীয়া হৈছে । বিদেশৰ পৰা উভতি কোনো ধৰণৰ পৰীক্ষা নকৰোৱাকৈয়ে লক্ষ্ণৌত বহু ভিভিআইপি লোকৰ সৈতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰা কণিকা কাপুৰৰ দেহত পোৱা যায় ক’ৰোনা পজিটিভ । ইয়াৰ পাচতেই দেশজুৰি সৃষ্টি ব্যাপক প্ৰতিক্ৰিয়া । ইতিমধ্যে কণিকা কাপুৰৰ এই কাৰ্যক লৈ সকলোৱে ধিক্কাৰ দিয়াৰ লগতে ৰুজু কৰা হৈছে গোচৰ ।
মহামাৰী ক’ৰোনাৰ বিৰুদ্ধে সতৰ্কতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে অসমৰ গাঁৱে-ভূঞে । উচ্চ-নীচ বিভেদ পৰিহাৰ কৰি সকলোৱে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়তে একাংশ অভিজাত লোকৰ দায়িত্বজ্ঞানহীন কাণ্ডই চুই গৈছে অসম তথা ভাৰতবৰ্ষক । প্ৰায় কেইটামান দিন পূৰ্বে ছৌদি আৰৱ ভ্ৰমণ কৰি বৰপেটাৰ এটা চিকিৎসক দম্পতী উভতি আহিছিল অসমলৈ । অসমলৈ উভতি আহি চিকিৎসক স্বামী গৰাকীয়ে আনকি অস্ত্ৰোপ্ৰচাৰ কক্ষত কৰিছিল অস্ত্ৰোপ্ৰচাৰ । অৱশ্যে পৰৱৰ্তী সময়ত এই কথা জানিব পাৰি ১৪ দিনৰ বাবে আইচুলেচনত ৰখা হয় দম্পতীটোক । ঠিক একেদৰে ডিব্ৰুগড়ৰ এগৰাকী চিকিৎসকে বিদেশত থকা নিজ কন্যাৰ ঘৰৰ পৰা উভতি অহাৰ পাচতো জনোৱা নাছিল কোনো লোককে । এই কথা পোহৰলৈ অহাৰ পাচতেই অৱশ্যে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় চিকিৎসক গৰাকীৰ ।
ঠিক একেদৰে বেংগালুৰুৰ এটা দম্পতী বিবাহৰ পাচতেই মধুচন্দ্ৰিকাৰ বাবে গৈছিল বিদেশলৈ । বিদেশৰ পৰা উভতি অহাৰ পাচতেই বিমানবন্দৰতে ক’ৰোনাৰ লক্ষণ দেখা গৈছিল স্বামীৰ শৰীৰত । স্বামীৰ লগতে পত্নীকো চিকিৎসকে আইচুলেচনত ৰখা ব্যৱস্থা কৰিছিল যদিও পলাই যায় পত্নীগৰাকী । পিতৃৰ কথামতে পিতৃগৃহলৈ পলাই যোৱা এইগৰাকী মহিলাক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছিল । আটকাধীন মহিলাগৰাকীৰ লগতে পৰিয়ালৰ ৭ জন সদস্যক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত আটাইকেইজনৰ দেহতেই পোৱা গৈছিল ক’ৰোনা ।
মাৰাত্মক এই ক’ৰোনা এনেদৰেই এজনৰ পৰা অন্য বহুজনৰ দেহত থিতাপি লয় । মূলত হাতৰ সহায়ত মুখমণ্ডলৰ জৰিয়তে মানুহৰ দেহত প্ৰৱেশ কৰা ক’ৰোনাৰ পৰা হাত সাৰিবলৈ প্ৰতিজন লোকে নিজক বচাই ৰাখিব লাগিব । এই মহামাৰীক লৈ বহু প্ৰৱাসী অসমীয়াই ইতিমধ্যে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বাখ্যা কৰিছে ইটালী , আমেৰিকা আদি দেশৰ অবৰ্ণনীয় পৰিস্থিতিৰ কথা । ভাৰত তথা অসমত তেনে এক পৰিস্থিতিৰ যাতে উদ্ভৱ নহয় তাৰ প্ৰতিও প্ৰতিজন লোককে সতৰ্কতা অৱলম্বনৰ আহ্বান জনাইছে এইসকল লোকে । তেনে পৰিপ্ৰেক্ষিতত কিন্তু ক’ৰোনাক লৈ একাংশ উপলুঙা সূচক মন্তব্য আৰু মিম হে দেখা পোৱা গৈছে ছ’চিয়েল মিডিয়াত ।
খোদ গুৱাহাটী মহানগৰীতে যিদৰে সজাগ হোৱা দেখা পাব লাগিছিল সেয়া পৰিলক্ষিত হোৱা নাই । সন্ধিয়া প্ৰতিখন দোকানত সেই একেই গতানুগতিক ভিৰ , চান্দমাৰী ফ্লাইঅ’ভাৰত একেই আছে আড্ডা , প্ৰতিখন বজাৰত ভিৰ , কোনো উপাসনা গৃহত আৰতি সকলো একেই আছে । চৰকাৰী নিয়ম আৰু আহ্বানৰ প্ৰতি অলপো গুৰুত্ব আৰোপ নকৰা এইসকল লোকক লৈ এতিয়া শংকিত সচেতন লোক । মহামাৰীৰ ৰূপ লোৱা ক’ৰোনাৰ বিৰুদ্ধে যুঁজাৰ একমাত্ৰ উপায়ে হ’ল নিজক সুৰক্ষা দিয়া । প্ৰতিজন লোকে যদি নিজৰ জীৱনৰ সুৰক্ষাৰ কথা ভাবি বিশ্ব স্বাস্থ্য সংস্থা , ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেতিয়াহে অনাগত দিনত মূৰ তুলি থিয় হ’ব পাৰিব এইসকল লোক ।
এইসকল মহানগৰবাসীৰ অৱজ্ঞাৰ বিপৰীতে অৱশ্যে কিছুমান ভাললগা ছবি আহিছে ভিতৰুৱা অঞ্চলৰ পৰা । ৰাজ্যৰ প্ৰায়কেইখন মহাবিদ্যালয়ে হেণ্ড চেনিটাইজাৰ প্ৰস্তুত কৰাৰ লগতে বিনামূলীয়াকৈ গাঁও অঞ্চলত বিতৰণ কৰি সচেতন কৰি তুলিছে প্ৰতিজন মানুহক । বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰতিজনে শিক্ষকেই এতিয়া নিজ নিজ অঞ্চলত গঢ়ি তুলিছে সজাগতা অভিযান । চাহ বাগিচা অঞ্চলৰ খাটিখোৱা মানুহবোৰৰ মাজতো সজাগতা বৃদ্ধি কৰি মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ সম্পৰ্কে অৱগত কৰা হৈছে । গাঁও অঞ্চলৰ বহু বিপনীৰ বাহিৰত হাত ধোৱা চাবোন ব্যৱহাৰ কৰিহে দোকানত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে যিটো খোদ উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীত পৰিলক্ষিত হোৱা নাই ।
নিৰাশাৰ মাজতে এইসমূহ ভাল খবৰ আৰু সচেতনতাই এতিয়া সুৰক্ষিত কৰি ৰাখিব এইসকল লোকক । নিজৰ লগতে পৰিয়ালটোৰ সুৰক্ষাৰ বাবে দায়বদ্ধ গাঁওঅঞ্চলৰ এইসকল লোকৰ পৰা শিকিবলগীয়া যেন বহু আছে অভিজাত বুলি পৰিচয় দিয়া লোকসকলৰ । এতিয়াও সময় আছে আপোনাৰ লগতে আন দহজনৰ জীৱনৰ সুৰক্ষাৰ দায়িত্ব লওক ।