ক’ৰোনাৰ বাবে বন্ধ পবিতৰা
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ পৰ্যটকৰ বাবে বন্ধ হ’ল পবিতৰা ৷ ১৭ ৰ পৰা ২৯ মাৰ্চলৈ বন্ধ থাকিব অভয়াৰণ্যখন ৷ ক’ৰোনা ভাইৰাছ আতংকৰ বাবে এই নিৰ্দেশ ৷ পূৰ্বে অনুমতি লোৱা চলচিত্ৰৰ চিত্ৰগ্ৰহণ বা অনুসন্ধানো বন্ধ থাকিব অভয়াৰণ্যখনত ৷ ভাৰত চৰকাৰৰ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে অসম চৰকাৰলৈ প্ৰেৰণ কৰিছে এই নিৰ্দেশনা ৷ একেদৰে ৰাজ্যৰ সকলো অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, চিৰিয়াখানা আদিও বন্ধ ৰখাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ ৷