নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংকঃ ৰেডিছন ব্লুৰ ২৩ জন কৰ্মচাৰীক ৰখা হৈছে পৰ্যবেক্ষণত

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ ক’ৰোনা ভাইৰাছত এতিয়া আতংকিত অসম । আমেৰিকাৰ এজন পৰ্যটকে অসম ভ্ৰমণ কৰি ভূটানলৈ যোৱাৰ সময়তে ভূটানত পোহৰলৈ আহে পৰ্যটকজনৰ শৰীৰত ক’ৰোনা পজিটিভ । ইয়াৰ পাচতেই দেখা দিছে আতংকই ।

অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰা পৰ্যটকগৰাকীয়ে ১ মাৰ্চৰ নিশা কটাইছিল গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত । ২ মাৰ্চৰ পুৱাই গুৱাহাটীৰ পৰা ভূটানলৈ গৈছিল এগৰাকী পৰ্যটক । শুকুৰবাৰে এই পৰ্যটকগৰাকীৰ দেহত ক’ৰোনা অৱস্থিতিৰ খবৰ লাভ কৰাৰ পাচতেই এতিয়া পৰ্যবেক্ষণত ৰখা হৈছে ৰেডিছন ব্লুৰ ২৩ গৰাকী কৰ্মচাৰীক । ২২৪ নম্বৰ কোঠাত থকা পৰ্যটকগৰাকীৰ দেহত ক’ৰোনা পজিটিভৰ খবৰ লাভৰ পাচতেই দ্বিতীয় মহলাৰ লগতে সেই বিশেষ কোঠাতো বন্ধ কৰি দিয়া হৈছে ৰেডিছন ব্লু হোটেলৰ ।

ৰেডিছন ব্লু কৰ্তৃপক্ষই জনোৱা অনুসৰি পৰ্যটকগৰাকীৰ সৈতে সংস্পৰ্শলৈ অহা প্ৰতিজন লোককেই চিচিটিভিৰ জৰিয়তে পোহৰলৈ আনি বৰ্তমান পৰ্যবেক্ষণত ৰখা হৈছে ।

You might also like