নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা প্রতিৰোধত জাতীয় আৱেগৰ সংযোজন ভাৰতী–তাপপ্রিয়াৰ

ছিপাঝাৰত ফুলাম গামোচাৰে মাস্ক তৈয়াৰ মাতৃ–কন্যাৰ

নিয়মীয়া বার্তা, ১৯ মার্চঃ ছিপাঝাৰত মাতৃ–কন্যাই মিলি গামোচাৰ পৰা প্রস্তুত কৰা ফুলাম মাস্ক এতিয়া জনপ্রিয় হৈ পৰিছে ৷ উল্লেখ্য যে ছিপাঝাৰৰ ভুক্তাবাৰীৰ ভাৰতী চহৰীয়া আৰু তেওঁৰ কন্যা তাপপ্রিয়া চহৰীয়াই নিজা ঘৰতে গামোচাৰ আর্হিৰ এই মাস্কসমূহ তৈয়াৰ কৰিছে ৷ দুটি সন্তানসহ জীৱন যাপন কৰা ভাৰতী চহৰীয়া এগৰাকী উদ্যোগী মহিলা ৷ চিলাই কামত মহিলাগৰাকীৰ আছে দক্ষতা ৷ একেদৰে এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ লগত জডিত কন্যা তাপপ্রিয়াৰো অভিজ্ঞতা আছে কাটিং আৰু চিলাইত ৷ দুই মাতৃ–কন্যা মিলি সম্পূর্ণ নিজা চিন্তাৰে আৰু থলুৱা পদ্ধতিৰে প্রস্তুত কৰি উলিয়াইছে এনে মাস্ক ৷

লক্ষণীয় যে ক’ৰোনা ভাইৰাছৰ আতংকৰ উপৰি ধূলিময় পৰিৱেশৰ বাবে শেহতীয়াকৈ ৰাজ্যত মাস্কৰ  চাহিদা বৃদ্ধি পাইছে ৷ তেনে ক্ষেত্রত গামোচাৰ চানেকি সমৃদ্ধ মাস্কে ক’ৰোনা ভাইৰাছক সম্পূর্ণভাৱে প্রতিৰোধ কৰিব নোৱাৰিলেও ধূলি আৰু বতাহৰ লগত সততে আমাৰ শৰীৰত প্রভাৱ পেলোৱা বীজাণু প্রতিৰোধ কৰিব পাৰিব ৷ এই সন্দর্ভত উদ্যোগী মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে, একোখন গামোচাৰ দাম সাধাৰণতে আশী–নব্বৈৰ পৰা আৰম্ভ হয় ৷ কিন্তু তেওঁলোকে প্রস্তুত কৰা এই মাস্কৰ দাম নির্ধাৰণ কৰিছে পঞ্চাশ টকাকৈ ৷ আৰু এখন গামোচাৰ পৰা ন্যূনতম পাঁচখন মাস্ক তৈয়াৰ হয় ৷ অর্থাৎ ব্যৱসায়িকভাৱেও লাভজনক ৷ কিন্তু মাস্কসমূহ প্রস্তুত কৰোঁতে যথেষ্ট সময়ৰ প্রয়োজন হয়, যাৰ বাবে উৎপাদনৰ পৰিমাণ কম হয় ৷ কিন্তু দেখিবলৈ আকর্ষণীয় আৰু জাতীয় আৱেগসমৃদ্ধ এই মাস্ক ক্রয় কৰিবলৈ এতিয়া ভুক্তাবাৰীৰ এই পৰিয়ালটোত ভিৰ কৰিছে সর্বসাধাৰণ ৰাইজে ৷

তদুপৰি প্রচাৰ হোৱাৰ লগে লগে ভিন্ন অর্ডাৰো আহিছে ৷ উল্লেখ্য যে ভাইৰাছৰ আতংকই এইবেলি ৰঙালী বিহুৰ উৎসাহ ম্লান পেলালেও জাতীয় স্বাভিমান গামোচাসমৃদ্ধ মাস্কে যেন বিহুৰ পৰিৱেশকো অইন এক মাত্রা প্রদান কৰিছে ৷ বিশেষকৈ মূৰত ভমকাফুলীয়া গামোচাৰ পাগুৰি পৰাৰ বঞ্চিত হ’লেও মুখত গামোচাৰ আর্হিৰ মাস্ক মাৰি হ’লেও বিহুক আদৰিব পাৰিব বিহুৱাই ৷

You might also like