নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ বৰপেটাৰ এটা চিকিৎসক দম্পতীলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে স্বাস্থ্য বিভাগে । কিছুদিন পূৰ্বে ছৌদি আৰৱ ভ্ৰমণ কৰি উভতি অহা চিকিৎসক দম্পতীক ১৪ দিন পৰ্যন্ত বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা প্ৰদান কৰিছে স্বাস্থ্য বিভাগে । আছুতীয়াকৈ দুয়োজনৰে স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিছে চিকিৎসকৰ দলে । ৰোগৰ লক্ষণ দেখা দিলে দুয়োজনৰে তেজ পৰীক্ষা কৰোৱা হ’ব ।
উল্লেখ্য যে, ছৌদি আৰৱৰ পৰা উভতি আহি বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অস্ত্ৰোপ্ৰচাৰ কক্ষলৈও গৈছিল চিকিৎসক গৰাকী । অন্য চিকিৎসক অথবা কৰ্মচাৰী এইগৰাকী ছৌদি আৰৱ যোৱাৰ সম্বন্ধে জ্ঞাত নাছিল । শুকুৰবাৰে এই খবৰ পোৱাৰ পাচতেই অস্ত্ৰোপ্ৰচাৰ কক্ষ বন্ধ কৰি দিয়া হৈছে ।