নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছঃ শিক্ষকসকল উপস্থিত থাকিব লাগিব কৰ্মস্থলীত

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে অসমত । দেশৰ ভিন্ন ৰাজ্যৰ শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানসমূহ বন্ধ ঘোষণা কৰাৰ পাচতেই দেওবাৰে ৰাজ্য চৰকাৰেও ২৯ মাৰ্চ পৰ্যন্ত বন্ধ ঘোষণা কৰে অসমৰ বিদ্যালয়-মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ । কিন্তু বিদ্যালয়-মহাবিদ্যালয় বন্ধ থাকিলেও প্ৰতিজনে শিক্ষকে দৈনিক যাব লাগিব নিজ কৰ্মস্থলীলৈ । সোমবাৰে ক’ৰোনা ভাইৰাছ বিষয়ক এক সংবাদমেলত এই কথা উল্লেখ কৰে ৰাজ্যৰ বিত্ত-স্বাস্থ্য-শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয় যে, শিক্ষকসকলৰ সমাজৰ প্ৰতি বহু পৰিমাণে দায়িত্ব থাকে । গতিকে প্ৰতিজন শিক্ষকেই নিজ নিজ কৰ্মস্থলীৰ কাষৰ অঞ্চলটো অথবা গাঁওখনৰ লোকৰ মাজত ক’ৰোনা ভাইৰাছ সম্বন্ধে সজাগতাৰ সৃষ্টি কৰিব লাগিব ।

ইফালে, বিদ্যালয় বন্ধ থকাৰ সময়তো মধ্যাহ্ন ভোজন বন্ধ নহয় বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । মধ্যাহ্ন ভোজনৰ খাদ্য বিদ্যালয়ত ৰন্ধা নহয় যদিও সেই সময়ছোৱাৰ চাউল যোগান ধৰা হ’ব ছাত্ৰ-ছাত্ৰীসকলক । বিদ্যালয়ত হ’ব পৰা সমাগমৰ বাবেই বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ খাদ্য ৰন্ধা নহয় বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই ।

You might also like