নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা সংকটে মানুহৰ মনত নতুন চিন্তা–চর্চাৰে আগুৱাই যোৱাৰ পথ মুকলি কৰিছে

সম্পাদক–জ্যেষ্ঠ সাংবাদিকৰে মুখ্যমন্ত্রীৰ বৈঠক

নিয়মীয়া বাৰ্তা, ৩ মে’ : ‘বর্তমান জটিল পৰিস্থিতিত আমি মানুহৰ মনোবল আৰু আত্মবিশ্বাস জগাই তুলিব লাগিব ৷ এইক্ষেত্রত সংবাদ মাধ্যমে ল’ব লাগিব গুৰুত্বপূর্ণ ভূমিকা ৷ ন’ভেল ক’ৰোনা ভাইৰাছ প্রতিৰোধী যুঁজখনত অৱতীর্ণ হোৱা প্রত্যেক ব্যক্তিয়ে একোজন সৈনিক ৷ সৈনিকৰ মনোবল ভঙা উচিত নহয় ৷ সৈনিকসকলক উৎসাহ–উদ্দীপনা যোগোৱাটো সামাজিক দায়িত্ব ৷’ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ৷ ক’ভিড–১৯ সংক্রমণৰ পৰিপ্রেক্ষিতত উদ্ভৱ হোৱা পৰিস্থিতি তথা ভৱিষ্যৎ কর্মপন্থা সম্পর্কে সংবাদ মাধ্যমৰ দিহা–পৰামর্শ গ্রহণ কৰাৰ উদ্দেশ্যে শনিবাৰে মহানগৰীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ সম্পাদক–জ্যেষ্ঠ সাংবাদিকৰ সৈতে অনুষ্ঠিত এক বৈঠকত মুখ্যমন্ত্রী সোণোৱালে কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ ইয়াৰ সমান্তৰালভাৱে বৈঠকত উপস্থিত থকা সম্পাদক–জ্যেষ্ঠ সাংবাদিকসকলে সাম্প্রতিক পৰিস্থিতিৰ ওপৰত চৰকাৰক বিভিন্ন পৰামর্শ আগবঢ়ায় ৷ সংবাদ মাধ্যমৰ ভূমিকাক প্রশংসা কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে সমগ্র বিশ্বৰ মানৱ সমাজে সম্প্রতি ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে ঐক্যবদ্ধ যুঁজত অৱতীর্ণ হৈছে ৷

এইক্ষেত্রত সংবাদ মাধ্যমে গ্রহণ কৰি আহিছে অগ্রণী ভূমিকা৷ মানুহক সজাগ–সচেতন আৰু সতর্ক কৰি কেৱল জনজাগৰণৰ সূচনা কৰাই নহয়, সংবাদ মাধ্যমে মানৱীয় অনুভূতি শক্তিশালী ৰূপত তুলি ধৰিবলৈ সক্ষম হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ জনসাধাৰণক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা ৰক্ষা কৰিবলৈ লকডাউনৰ কার্যসূচী ঘোষণা কৰিছে৷ সামাজিক দূৰত্ব আৰু পৰিষ্কাৰ–পৰিচ্ছন্ন বজাই ৰাখি জীৱন পৰিচালনা কৰাৰ বাবে প্রধানমন্ত্রী মোদীয়ে দিয়া পৰামর্শ দেশৰ ১৩০ কোটি জনগণে মানি চলি লকডাউন সফল কৰিছে৷ অসমতো সকলোৰে সহযোগিতাত ৰাজ্য চৰকাৰে এই লকডাউন সফল কৰাৰ বাবে প্রয়াস চলাই আহিছে৷ এই জটিল সময়ত জৰুৰীকালীন সেৱাৰ লগতে অত্যাৱশ্যকীয় সেৱাসমূহ নিৰৱচ্ছিন্নভাৱে আগবঢ়াই থকা হৈছে৷ স্বাস্থ্য বিভাগ, আৰক্ষী, পৰিবহণ, জনস্বাস্থ্য, শক্তিকে ধৰি সকলো বিভাগে ‘টীম অসম’ৰ মানসিকতাৰে কাম কৰি জনসাধাৰণক সেৱা আগবঢ়াই আছে৷ জনতা কার্ফিউৰ লগতে প্রথম আৰু দ্বিতীয় পর্যায়ৰ লকডাউনৰ কার্যসূচী ৰাজ্যখনত সফল ৰূপায়ণৰ ক্ষেত্রত সংবাদ মাধ্যমে উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছে বুলি উল্লেখ কৰি ৪ মে’ৰ পৰা দুসপ্তাহলৈ লকডাউনৰ কার্যসূচী বৃদ্ধিৰ সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্রত সকলোৱে নিষ্ঠাৰে কাম কৰিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্রী সোণোৱালে৷ একবিংশ শতিকাত সাম্প্রতিক পৰিস্থিতিৰ দৰে জটিল প্রত্যাহ্বানৰ কোনেও সন্মুখীন হোৱা নাছিল বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে যৌথ সহযোগিতাৰে বর্তমানৰ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে কাম কৰিব লাগিব৷ ক’ৰোনা ভাইৰাছৰ সংকটে মানুহক নতুন চিন্তা–চর্চাৰে আগুৱাই যোৱাৰ বাবে পথ মুকলি কৰিছে৷ অসমত স্বাস্থ্য বিভাগে কম সময়ৰ ভিতৰতে আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ লগতে ক’ভিড–১৯ৰ ক্ষেত্রত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ বাবে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকাৰ লগতে চিকিৎসক, নার্ছকে ধৰি বিভাগীয় সকলো কর্মচাৰীয়ে নিষ্ঠাৰে কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে কৃষি, খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য, শক্তি ইত্যাদি বিভাগে দিনে–নিশাই কাম কৰি আহিছে৷ মুখ্যমন্ত্রী সোণোৱালৰ মতে, যিকোনো তথ্যৰ সত্যতা নিৰূপণ নকৰাকৈ বাতৰি পৰিৱেশন কৰিলে ক’ৰোনা প্রতিৰোধী যুঁজৰ সৈনিকসকলৰ মনোবল হ্রাস পোৱাৰ উপৰি সমাজত আতংকৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে৷ শেহতীয়াকৈ তথ্যপাতিৰ পর্যাপ্ত পৰীক্ষা–নিৰীক্ষা নকৰাকৈ মুখ্যমন্ত্রীৰ নিৰাপত্তাত নিয়োজিত এজন এনএছজি জোৱান সংক্রান্তত প্রকাশ কৰা বাতৰিৰ কথা মুখ্যমন্ত্রী সোণোৱালে এই প্রসংগত উল্লেখ কৰে৷ ক’ৰোনা ভাইৰাছ প্রতিৰোধী যুঁজখনত সমগ্র প্রশাসন ব্যৱস্থাটোক সষ্টম কৰি তুলিবৰ বাবে ৰাজ্যৰ সকলোবোৰ জিলা ভ্রমণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই পদক্ষেপে জিলাসমূহৰ প্রস্তুতি অধিক নিখুঁত কৰাত সহায় কৰিছে৷ ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ উপৰি সমান্তৰালভাৱে ৰাজ্যত অর্থনৈতিক কার্যকলাপো চলাই যাব লাগিব৷ লকডাউনৰ সময়ছোৱাত ৰাজ্যকনত ডেৰ লাখ আত্মসহায়ক গোটে কেইবালাখ মাস্ক প্রস্তুত কৰি উলিয়াইছে আৰু এয়া এক ইতিবাচক দিশ৷ ইতিমধ্যে কৃষি আৰু চাহ খণ্ডত কাম–কাজ আৰম্ভ হৈছে আৰু ইয়াৰ ফলত অর্থনীতিয়ে নতুন গতি লাভ কৰিব৷ আনহাতে চাহ বাগিচাৰ শ্রমিকসকলক সজাগ কৰাৰ দিশত যথোচিত পদক্ষেপ লোৱাৰ বাবে অনুপ্রাণিত কৰিবলৈ চাহ বাগিচাৰ লাইন চর্দাৰৰ সৈতে ব্যক্তিগতভাৱে কথা–বতৰা পাতিছে বুলিও তেওঁ মন্তব্য কৰে৷ ৰাজ্যৰ অর্থনীতি সবল কৰাৰ ক্ষেত্রত কৃষি খণ্ডৰ ভূমিকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে কৃষি বিভাগক ইতিমধ্যে এইক্ষেত্রত প্রয়োজনীয় নির্দেশ দিয়া হৈছে৷ তদুপৰি কৃষকৰ উৎপাদিত সামগ্রীৰ সৈতে বজাৰ ব্যৱস্থাটোৰ সংযোগ স্থাপনৰ বাবে পদক্ষেপ গ্রহণ কৰাৰ উপৰি পাইকাৰী ব্যৱসায়ী সংস্থাৰ সৈতে বৈঠকত মিলিত হোৱাৰ বিষয়ে তেওঁ জানিবলৈ দিয়ে৷ একেদৰে অত্যাৱশ্যকীয় সামগ্রীকে ধৰি জনসাধাৰণৰ অহা–যোৱাৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগে ৪৯,৪৬২ হাজাৰ গাডীৰ চলাচলৰ ব্যৱস্থা কৰাৰ লগতে ধর্মীয় গুৰু, বিশিষ্ট ব্যক্তি, ৰাজনৈতিক দলৰ নেতা, অর্থনীতিবিদৰ সৈতেও মত বিনিময় কৰাৰ কথা মুখ্যমন্ত্রী সোণোৱালে উল্লেখ কৰে৷ তেওঁ পুনৰ কয় যে আমি সকলোৱে এই জটিল সময়ত গুৰুত্বপূর্ণ অভিজ্ঞতা আহৰণ কৰিছেছা৷ সমাজৰ বিভিন্ন শ্রেণীৰ লোকৰ সমস্যা, বাতৰিকাকত আৰু আলোচনীয়ে সন্মুখীন হোৱা পৰিস্থিতি উপলব্ধি কৰিবলৈ সক্ষম হৈছেছা৷ পূর্বতে এনেধৰণৰ অভিজ্ঞতাৰ মুখামুখি হোৱা জনসাধাৰণে হোৱা নাছিল৷ নতুন ৰূপত অহা এই প্রত্যাহ্বান আমি মোকাবিলা কৰিবই লাগিব৷ ক’ৰোনা ভাইৰাছে বিশ্বৰ উন্নত দেশসমূহৰ স্বাস্থ্য, অর্থনীতিকে ধৰি সমাজৰ সকলো ক্ষেত্রতে প্রত্যাহ্বান নমাই আনিছে৷ সেইবাবে আমি এই প্রত্যাহ্বান সহজভাৱে লোৱা উচিত নহয়৷ সজাগ–সচেতনতা বৃদ্ধিৰ লগতে জাতি–ধর্ম–ভাষা–বর্ণ্ নির্বিশেষে সকলোৱে মিলিত প্রচেষ্টাৰে এই যুঁজত অৱতীর্ণ হ’ব লাগিব৷ বৈঠকত সম্পাদক তথা জ্যেষ্ঠ সাংবাদিকসকলে আগবঢোৱা পৰামর্শসমূহৰ বাবে তেওঁলোকক মুখ্যমন্ত্রী সোণোৱালে ধন্যবাদ জনায়৷ সাম্প্রতিক সময়ত সংবাদ মাধ্যমৰ অস্তিত্বৰ প্রতি সৃষ্টি হোৱা ভাবুকিৰ কথা উল্লেখ কৰি অধিকসংখ্যক সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিকে এইক্ষেত্রত ৰাজ্য চৰকাৰক সহযোগিতাৰে আগুৱাই আহিবলৈ আহ্বান জনায়৷ তদুপৰি আগন্তুক বানপানীৰ সময়ত বিদ্যালয়ত সাহায্য শিবিৰ স্থাপন কৰাৰ পৰা বিৰত থকা, সীমান্তৱত্ জিলাসমূহৰ গ্রাম্য পথেৰে বাহিৰৰ লোকৰ যাতায়াত বন্ধ কৰা, কর্তব্যৰত আৰক্ষীৰ ক’ভিড–১৯ সংক্রান্তীয় স্বাস্থ্য পৰীক্ষা কৰা, বস্তি অঞ্চলৰ খাদ্য সামগ্রী যোগান পর্যবেক্ষণ কৰা তথা সংবাদ মাধ্যমক পৰিশোধ কৰিবলগীয়া বিজ্ঞাপনৰ বিল শীঘ্রে পৰিশোধ কৰা আদি পৰামর্শসমূহ সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিকসকলে আগবঢায়৷ সভাত ভাষণ প্রদান কৰি স্বাস্থ্য, বিত্ত আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ক’ৰোনা ভাইৰাছ সংক্রমণৰ ক্ষেত্রত বিশ্ব তথা দেশৰ তুলনাত অসম বর্তমানে যথেষ্ট সুৰক্ষিত হৈ আছে৷ কেন্দ্রীয় চৰকাৰৰ নির্দেশনামর্মে ধুবুৰী, গোৱালপাৰা আৰু মৰিগাঁও জিলা অৰেঞ্জ জ’নৰ অন্তর্ভুক্ত হোৱাৰ বিপৰীতে বাকী জিলাসমূহ গ্রীন জ’ন হিচাপে চিহ্ণিত হৈছে৷ ৪ মে’ৰ পৰা কেন্দ্রীয় চৰকাৰে লকডাউনৰ ক্ষেত্রত যিবোৰ শিথিলতা আনিছে, সেই সংক্রান্তত ৰাজ্য চৰকাৰে অসমৰ পৰিপ্রেক্ষিতত চিন্তা–চর্চা কৰি সিদ্ধান্ত গ্রহণ কৰিব৷ অসমৰ বাহিৰত থকা ব্যক্তিসকলক পর্যায়ক্রমে অসমলৈ অনা হ’ব আৰু এইক্ষেত্রত শিক্ষাথ্, তীর্থযাত্রী আৰু জ্যেষ্ঠ নাগৰিকসকলক প্রাধান্য দিয়া হ’ব৷ স্বাস্থ্য বিভাগৰ নীতি–নির্দেশনাৰ আধাৰত পৰৱর্তী ব্যৱস্থাসমূহ গ্রহণ কৰা হ’ব৷ সেইদৰে বহিঃৰাজ্যত কর্মৰত ৰাজ্যৰ শ্রমিকসকলক বর্তমানে নিয়োজিত হৈ থকা ৰাজ্যতে থাকিবলৈ উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে অহা তিনি মাহলৈ আর্থিক সাহায্য আগবঢাব বুলি মন্ত্রী ড০ শর্মাই সদৰী কৰে৷ মন্ত্রীগৰাকীয়ে এই লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ বাহিৰত থকা লোকসকললৈ আর্থিক সাহায্য আগবঢ়োৱাৰ লগতে বৃদ্ধপেন্সন, বিধৱা পেন্সন আৰু সমাজৰ দৰিদ্র শ্রেণীক প্রদান কৰা সা–সুবিধাৰ বিষয়েও উল্লেখ কৰে৷ মন্ত্রী ড০ শর্মাই কয় যে লকডাউনৰ ফলত ৰাজ্যৰ ৰাজহ সংগ্রহ যথেষ্ট পৰিমাণে কমি গৈছে যদিও কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা সহায়–সহযোগিতা আগবঢ়াই আছে৷ আজিৰ এই বৈঠকত ‘প্রান্তিক’ৰ সম্পাদক প্রদীপ বৰুৱা, ‘সাদিন’ৰ সম্পাদক অনুৰাধা শর্মা পূজাৰী, ‘নর্থ ইষ্ট লাইভ’ৰ মুখ্য সম্পাদক ৱাছবীৰ হুছেইন, ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতা, জ্যেষ্ঠ সাংবাদিক সমুদ্রগুপ্ত কাশ্যপ, ‘আমাৰ অসম’ৰ সম্পাদক প্রশান্ত ৰাজগুৰু, ‘আছাম ড্রিবিউন’ৰ কার্যবাহী সম্পাদক পি জে বৰুৱা, পি টি আইৰ ব্যুৰ’ চীফ এনাক্ষী শইকীয়া বৰুৱা, ‘প্রাগ নিউজ’ৰ পৰিচালন সম্পাদক প্রণয় বৰদলৈ, ‘অসম বাণী’ৰ সম্পাদক দিলীপ চন্দন, ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক ছৈয়দ জাৰিৰ হুছেইন, ‘প্রতিদিন টাইম’ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, ‘দৈনিক পূর্বোদয়’ৰ সম্পাদক ৰবিশংকৰ ৰবি, ‘এছিয়ান এজ’’ৰ বিশেষ সংবাদদাতা মনোজ আনন্দ, ‘টাইমছ অৱ ইণ্ডিয়া’ৰ ‘উত্তৰ–পূর্বাঞ্চল’ৰ চীফ অৱ ব্যুৰ’ প্রবীণ কলিতাই ৰাজ্য চৰকাৰে ক’ৰোনা ভাইৰাছ সংক্রমণ প্রতিহত কৰাৰ বাবে লোৱা পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু এই জটিল সময়ছোৱাত কিদৰে আগবাঢ়ি যাব লাগিব তাৰ পৰামর্শ আগবঢ়ায়৷ বৈঠকত পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, কৃষিমন্ত্রী অতুল বৰা, জলসম্পদ মন্ত্রী কেশৱ মহন্ত, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, খাদ্য আৰু অসামৰিক যোগান মন্ত্রী ফণীভূষণ চৌধুৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰী, মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল ৷

You might also like