নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্কট ৰোগে মাৰাত্মক ৰূপ লোৱা এখন গাঁও

কিন্তু ক'ত আছে এই গাঁওখন??

নিয়মীয়া বাৰ্তা, ৩০ নবেম্বৰঃ এইখন অসমৰে এখন গাঁও। গাঁওখনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ্কট ৰোগে। গাঁওখনত কৰ্কটৰোগত মৃত্যু হৈছে প্ৰায় ১৫০জন লোক। বৰ্তমানো বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা। দৰং জিলাৰ পাতিদৰং নামৰ গাঁওখনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ্কট ৰোগে। আৰ্ছেনিক আৰু ফ্ল’ৰাইডযুক্ত পানী সেৱনৰ বাবেই এই ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সন্দেহ ৰাইজৰ। এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ গাওঁবাসীৰ। চৰকাৰে যোগান ধৰা খোৱা পানী গাওঁখনৰ বাসিন্দাৰ বাবে পৰ্যাপ্ত নহয়। কেৱল খোবাপানীয়েই নহয়, এখন স্কুলৰ বাবেও হাহাকাৰ পাতিদৰংবাসীৰ। গতিকে তেঁওলোকৰ এই দীৰ্ঘদিনীয়া সমস্যাসমূহ পূৰণ কৰাৰ দাবী গাঁওবাসীৰ।